অসম

assam

ETV Bharat / state

প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ আৱণ্টনৰ নামত ব্যাপক দুৰ্নীতিঃ ৰাইজৰ প্ৰতিবাদ - Protest at Kumori gaon panchayat of Goalpara seeking justice

কেলেংকাৰীৰ উচিত তদন্তৰ দাবী প্ৰতিবাদী ৰাইজৰ ৷ ৰাইজৰ অভিযোগ পঞ্চায়তটোৰ সভাপতি আৰু সচিবৰ বাবেই দৰিদ্ৰ জনতা চৰকাৰী গৃহৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ।

Protest at  41 Kumori gaon panchayat of Goalpara seeking justice
গোৱালপাৰাৰ 41 নং কুমৰী গাঁও পঞ্চায়তত বৃহৎ দুৰ্নীতিৰ অভিযোগ

By

Published : Sep 5, 2020, 3:50 PM IST

গোৱালপাৰা, 5 ছেপ্টেম্বৰ: গোৱালপাৰা জিলাৰ অন্তৰ্গত 41 নং কুমৰী গাঁও পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগত ৰাইজৰ উত্তাল প্ৰতিবাদ ৷ হিতাধিকাৰীক ঘৰ দিয়াৰ নামত বিষয়া কৰ্মচাৰীয়ে উৎকোচ লোৱাৰ লগতে পঞ্চায়তৰ একাংশ বিষয়া কৰ্মচাৰীয়ে দুৰ্নীতি সংঘটিত কৰি নিজৰ পৰিয়ালৰ লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰাৰ অভিযোগ ৰাইজৰ ৷ ইয়াৰ উচিত তদন্তৰ দাবীৰে শনিবাৰে 41 নং কুমৰী গাঁও পঞ্চায়ত ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰায় তিনি শতাধিক ৰাইজে ৷

গোৱালপাৰাৰ 41 নং কুমৰী গাঁও পঞ্চায়তত বৃহৎ দুৰ্নীতিৰ অভিযোগ

উল্লেখ্য় যে, গোৱালপাৰা জিলাৰ 41 নং কুমৰী গাঁও পঞ্চায়তৰ অধীনৰ 10 টা খণ্ডত কেন্দ্ৰীয় ভাবে পঞ্চায়ত প্ৰতিনিধি সকলক বাচনি কৰি দৰিদ্ৰ হিমাৰেখাৰ তলত থকা দৰিদ্ৰ লোকৰ মাজত প্ৰধানমন্ত্ৰী অবাস গৃহ বিতৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল ৷ কিন্তু পঞ্চায়ত সচিব আৰু পঞ্চায়ত সভাপতিয়ে ধনৰ লেন-দেন কৰি দৰিদ্ৰ সীমাৰেখাৰ ওপৰত থকা অৰ্থাৎ ধনী শ্ৰেণীৰ লোককহে প্ৰধান মন্ত্ৰী অবাস গৃহ প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে পঞ্চায়তটোৰ অন্তৰ্গত বহু দৰিদ্ৰ পৰিয়ালে ৷

গোৱালপাৰাৰ 41 নং কুমৰী গাঁও পঞ্চায়তত বৃহৎ দুৰ্নীতিৰ অভিযোগ

ইয়াৰ ওপৰিও পঞ্চায়তটোৰ 9,10 আৰু 11 নং ৱাৰ্ডৰ সদস্য সকলক একো নজনোৱাকৈয়ে সভাপতি আনন্দ ৰাভা আৰু সচিবে মিলি নিজৰ ধনী শ্ৰেণীৰ আত্মীয়ক মনে মনে 10 টা গৃহ আবন্টন দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ মন কৰিব লগীয়া যে, 10 টা ইউনিটৰ প্ৰায় 7 টাতে প্ৰায় 80 শতাংশ কাম সম্পূৰ্ণ হৈছে যদিও বাকী তিনিটা খণ্ডৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই ৷

ৰাইজৰ অভিযোগ পঞ্চায়তটোৰ সভাপতি আৰু সচিবৰ বাবেই এই তিনিটা খণ্ডৰ দৰিদ্ৰ জনতা চৰকাৰী গৃহৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে । যোৱা 18-19 বিত্তীয় বৰ্ষৰ আঁচনিৰ প্ৰধান মন্ত্ৰী অবাস যোজনাৰ দৰিদ্ৰ সিমাৰেখাৰ তলৰ লোকৰ বাবে যি গৃহৰ জৰীপ কৰা হৈছিল তাত বিয়াগোম কেকেংকাৰী অভিযোগ উত্থাপিত হৈছে ৷ এই সকলোবোৰ ঘটনাৰ তদন্তৰ দাবীৰে পঞ্চায়তটো ঘেৰাও কৰি সভাপতি, সচিব দুৰ্নীতি বন্ধ কৰক, গৃহ আবন্টন দিয়াৰ নামত টকা লোৱা বন্ধ কৰক, ঘৰ অবন্টনত স্বজন-তোষণ নচলিব, ঘৰ দিয়াৰ নামত দুখীয়াৰ পৰা উৎকোচ লোৱাৰ বিচাৰ লাগে আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়কঃ জোনাইৰ অসম-অৰুণাচল সীমান্তত সম্প্ৰীতিৰ নিদৰ্শন

ABOUT THE AUTHOR

...view details