অসম

assam

ETV Bharat / state

Protest Against Forest Officer: গোৱালপাৰাৰ লক্ষীপুৰত বন বিষয়াৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

গোৱালপাৰাৰ লক্ষীপুৰত আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্তৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ (protest against forest officer at Goalpara) । আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্তক লক্ষীপুৰৰ ধখাপাৰা গাঁওবাসীয়ে আক্ৰমণ কৰা বুলি মিছা অপবাদ দিয়া ধ্ৰুৱ দত্তৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ।

By

Published : Mar 2, 2023, 12:47 PM IST

goalpara
goalpara

গোৱালপাৰা, ২ মাৰ্চ : গোৱালপাৰাৰ লক্ষীপুৰত আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্তৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে (protest against forest officer at Goalpara) । আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্তক লক্ষীপুৰৰ ধখাপাৰা গাঁওবাসীয়ে আক্ৰমণ কৰা বুলি মিছা অপবাদ দিয়া ধ্ৰুৱ দত্তৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ (Forest officer allegation to attacked by villagers) ।

উল্লেখ্য, গোৱালপাৰাৰ লক্ষীপুৰ আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্তই লক্ষীপুৰৰ ধখাপাৰা গাঁওবাসীৰ বিৰুদ্ধে বনকৰ্মীক আক্ৰমণ কৰা বুলি মিছা অপবাদ দিয়াৰ অভিযোগ উঠিছে । লগতে নিৰ্দোষী লোকক বনকৰ্মীৰ দলে উপৰ্যুপৰি শাৰীৰিক নিৰ্যাতন চলায় । বন বিষয়াৰ এই মিছা অপবাদ আৰু বনকৰ্মীৰ আক্ৰমণৰ বিৰুদ্ধে ধখাপাৰা গাঁওবাসীয়ে গাঁৱৰ মাজতে বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Goalpara forest officer alleged attacked villagers) ।

উল্লেখ্য যে দেওবাৰে নিশা লক্ষীপুৰ আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্তই বনাঞ্চলৰ গছকটা বুলি লাভ কৰা খবৰৰ ভিত্তিত গাঁওখনত অভিযান চলায় । এনেদৰে অভিযান চলাওঁতে গাঁওখনৰ লোকে লাঠি আদিৰে বনকৰ্মীৰ দলটোক আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰে (Timber smuggling at goalpara) । লগতে গাঁওখনৰ এজন লোকৰ বিৰুদ্ধে লক্ষীপুৰ থানাত লক্ষীপুৰ আঞ্চলিক বন বিষয়াগৰাকীয়ে এখন এজাহাৰ দাখিল কৰে । ইফালে বন বিষয়াগৰাকীৰ এনে মন্তব্য শুনাৰ লগে লগে গাঁওবাসীয়ে জাঙুৰ খাই উঠে । বন মাফিয়াৰ বিৰুদ্ধে চলোৱা এই অভিযানৰ নামত গাঁওখনৰ সম্পূৰ্ণ নিৰ্দোষী অনন্ত ৰাভা নামৰ লোকজনক নিশা ঘৰৰ পৰা উলিয়াই চোঁচৰাই নি মাৰপিট কৰাৰ লগতে বন্দুকৰ নলীৰে আঘাত কৰি নিৰ্মম অত্যাচাৰ কৰা বুলি গাঁওবাসীৰ লগতে ভুক্তভোগীয়ে মন্তব্য কৰিছে ।

ইয়াৰ উপৰি নন্দ ৰাভা নামৰ লোক এজনকো লক্ষীপুৰ থানাত মিছা গোচৰ দিয়া বুলি ৰাইজে মন্তব্য কৰিছে । ইফালে গাঁওবাসীক এনেদৰে মিছা অপবাদ আৰু নিৰ্দোষীক এনেদৰে নিৰ্যাতন চলোৱাৰ প্ৰতিবাদত গাঁওখনৰ পুৰুষ-মহিলা ওলাই আহি লক্ষীপুৰ আঞ্চলিক বন বিষয়া হায় হায়, লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ গুণ্ডাগিৰি নচলিব, নিৰ্দোষী লোকক হাৰাশাস্তি কৰা নচলিব আদি শ্লোগানৰে গাঁৱৰ পৰিৱেশ উত্তাল কৰি তোলে ।

ইপিনে লক্ষীপুৰ আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্তই সাংবাদিকৰ আগত কয় যে দেওবাৰে নিশা ধখাপাৰা গাঁৱৰ অনন্ত ৰাভাৰ সৈতে গাঁওবাসীয়ে চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা বন বিষয়াসহ বনকৰ্মীৰ দলক আক্ৰমণ কৰে । এফালে বন বিষয়াৰ অভিযোগ, আনফালে গাঁওবাসীৰ বন বিষয়াৰ বিৰুদ্ধে প্ৰতি অভিযোগ । পৰৱৰ্তী সময়ত এই ঘটনাই কেনে ৰূপ লয় সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Murder in Kakopothar: কাকপথাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; আটক 2 জন

For All Latest Updates

ABOUT THE AUTHOR

...view details