অসম

assam

ETV Bharat / state

কৃষি আইন বাতিলৰ দাবীত গোৱালপাৰাত কৃষক সভাৰ অৱস্থান ধৰ্মঘট - ধৰ্মঘট কাৰ্যসুচী

দিল্লীৰ কৃষক বিদ্ৰোহৰ জুয়ে দহিছে অসমকো । কৃষি আইনৰ বিৰোধিতাৰে গোৱালপাৰাত প্ৰতিবাদত নামিল কৃষক সভা । ৫ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰও জিলা উপায়ক্তক প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

কৃষি আইনৰ বিৰোধিতাৰে গোৱালপাৰাত প্ৰতিবাদত নামিল কৃষক সভা
কৃষি আইনৰ বিৰোধিতাৰে গোৱালপাৰাত প্ৰতিবাদত নামিল কৃষক সভা

By

Published : Dec 3, 2020, 3:03 PM IST

গোৱালপাৰা, ৩ ডিচেম্বৰ: কৃষি আইন বাতিলৰ দাবী জনাই আজি গোৱালপাৰাত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক সভাই । কৃষকৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা নতুন কৃষি আইন বাতিলৰ লগতে মাটি জৰীপ কৰি পট্টা প্ৰদান কৰাৰ দাবী জনায় সংগঠনটোৱে । লগতে সকলো প্ৰকাৰৰ উচ্ছেদ বন্ধ কৰাৰো দাবী তুলি কৃষক সভাই ২ ঘণ্টীয়া ধৰ্মঘট কাৰ্যসুচী ৰূপায়ণ কৰে ।

কৃষি আইনৰ বিৰোধিতাৰে গোৱালপাৰাত প্ৰতিবাদত নামিল কৃষক সভা

জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়ায় কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, চি পি আই(এম), চি পি আই আৰু নিখিল ভাৰত কৃষক সভাই । কৃষক সভাৰ ধৰ্মঘটত শতাধিক লোকে অংশগ্ৰহণ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদস্থলীৰ পৰিৱেশ উত্তাল কৰি তোলে । ৫ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰও জিলা উপায়ক্তক প্ৰদান কৰে । দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতন বন্ধ কৰিবলৈও দাবী জনায় কৃষক সভাই ।

লগতে পঢ়ক:হোজাইত মাটি খান্দোতে উদ্ধাৰ ৰাধা-কৃষ্ণৰ মূৰ্তি

ABOUT THE AUTHOR

...view details