গোৱালপাৰা, 23 আগষ্ট:অসম চৰকাৰৰ পশু পালন বিভাগে অনুসূচীত জাতি আৰু জনজাতীয় লোকসকলৰ দুখীয়া পৰিয়ালক আত্মসহায়ক গোটৰ জড়িয়তে আত্মনির্ভৰশীল হোৱাৰ বাবে জিলাখনৰ 15 টা আত্মসহায়ক গোটৰ প্ৰতিটো গোটক 500 কুকুৰা পোৱালিৰ লগতে কণী নপৰালৈকে প্ৰয়োজনীয় ঔষধ, খাদ্য যোগান ধৰাৰ লগতে কুকুৰা ফাৰ্মৰ ঘৰ বনাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আত্ম সহায়ক গোটৰ মহিলা সকলক । পশুপালন বিভাগৰ ঠিকাদাৰে 500 কুকুৰাৰ পোৱালিৰ পৰিবৰ্তে প্ৰতিটো গোটৰ মহিলাক প্ৰথম আৰু দ্বিতীয় কিস্তিত ক্ৰমে 150 টাকৈ কুকুৰাৰ পোৱালি যোগান ধৰাৰ লগতে কোনো ধৰণৰ ঔষধ পাতি যোগান নধৰাৰ অভিযোগ উত্থাপন কৰে । ঠিকাদাৰে কুকুৰা ফাৰ্মৰ গৃহ নিৰ্মাণতো ব্যাপক দুৰ্নীতি সংগঠিত কৰিছে বুলিও উল্লেখ কৰে গোটৰ মহিলা সকলে ।
আত্মসহায়ক গোটৰ মহিলা সকলে ঠিকাদাৰ জনৰ বিৰুদ্ধে পশু-পালন বিভাগৰ বিষয়াৰ সৈতে যোগাযোগ কৰে যদিও বিষয়টো লৈ কোনো গুৰুত্ব নিদিয়াত উপায়ন্তৰ হৈ সোমবাৰে গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত পশুপালন বিভাগৰ এই দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদত প্ৰায় অৰ্ধ শতাধিক মহিলাই হাতে হাতে প্লে- কাৰ্ড লৈ কুকুৰা ফাৰ্মৰ ধন আত্মসাত কৰা ঠিকাদাৰ, বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক, পশুপালন বিভাগৰ দায়িত্বত থকা বিষয়াৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত কৰক, আদি ধ্বনিৰে জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে ।