অসম

assam

ETV Bharat / state

দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হৈছে ৰাজ্যৰ এখন মহাবিদ্যালয় !

চৰকাৰী আঁচনি নহয়, বৰং শিক্ষানুষ্ঠানত সংঘটিত হৈছে দুৰ্নীতি ৷ এই অভিযোগ উত্থাপিত হৈছে ৰাজ্যৰে এখন মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷ এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই ৷ কিন্তু কি কাৰণে কোনখন মহাবিদ্য়ালয়ত সংঘটিত হৈছে এনে ঘটনা ?

By

Published : Aug 11, 2021, 11:41 AM IST

principal of Tapoban College in Goalpara accused of Money Laundering
গোৱালপাৰাৰ তপোবন মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

গোৱালপাৰা, 11 আগষ্ট :গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ তপোবন মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ উত্থাপন কৰিছে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই ৷ মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মোজামেল হকে মঙলবাৰে এক সংবাদমেলযোগে এই অভিযোগ উত্থাপিত কৰে ।

গোৱালপাৰাৰ তপোবন মহাবিদ্যালয়

তপোবন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ আব্দুৰ মান্নানৰ লগতে পৰিচালনা কমিটিৰ একাংশৰ বিৰুদ্ধে লাখ লাখ টকাৰ দুৰ্নীতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰে । মহাবিদ্যালয়খনৰ নামভৰ্তিৰ মাচুলৰ প্ৰায় ৯৪ লাখ টকা, প্ৰ-পত্ৰ পূৰণৰ প্ৰায় ৩ লাখ টকা মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু পৰিচালনা কমিটিৰ একাংশই আত্মসাৎ কৰাৰ অভিযোগ কৰিছে ছাত্ৰ একতা সভাই ।

সভাই লগতে অসম চৰকাৰৰ শিক্ষা বিভাগক এই দুৰ্নীতিৰ উচিত তদন্তৰ বাবে আহ্বান জনায় ৷ তপোবন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মোজামেল হকে শিক্ষামন্ত্ৰী ৰণোজ পেগুক দুৰ্নীতিগ্ৰস্ত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে সোনকালে তদন্ত কৰি বিহীত ব্যৱস্থা ল’বলৈ আহ্বান জনায় ।

লগতে পঢ়ক :নামমাত্ৰ পথ মেৰামতিৰে চৰকাৰী ধন আত্মসাতৰ অভিযোগ

ABOUT THE AUTHOR

...view details