অসম

assam

ETV Bharat / state

উচ্ছেদৰ বিৰুদ্ধে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ সংবাদমেল - আমছুৰ সভাপতি

গোৱালপাৰাত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ সংবাদমেল । নীতি বহিৰ্ভূত উচ্ছেদৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সভাপতিগৰাকীয় । তীব্ৰ ভাষাৰে চৰকাৰক সমালোচনা ৷

press meet by amsu president regarding eviction
উচ্ছেদৰ বিৰুদ্ধে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ সংবাদমেল

By

Published : Jun 6, 2021, 10:41 PM IST

গোৱালপাৰা, 6 জুন : ‘‘ভাৰতৰ সংবিধান অমান্য কৰাৰ লগতে উচ্চতম ন্যায়ালয়ক অৱমাননা কৰিছে চৰকাৰে । অন্য, বস্ত্ৰ, বাসস্থান দিয়াৰ দায়িত্ব চৰকাৰৰ । তাকে নকৰি শনিবাৰে জাননী দি দেওবাৰে উচ্ছেদ কৰাটো এক অমানৱীয় কাৰ্য’’ ৷ নীতি বহিৰ্ভূত উচ্ছেদৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ ৷ গোৱালপাৰাত সংবাদমেল পাতি তীব্ৰ ভাষাৰে চৰকাৰক সমালোচনা আমছুৰ সভাপতি গৰাকীৰ ।

তাৰোপৰি তেওঁ কয় যে, উচ্ছেদিত পৰিয়ালক দিয়া জাননীত তিনি মাহৰ কথা উল্লেখ থকাৰ লগতে মাননীয় উচ্চ ন্যায়ালয়ে এই ক’ভিড মহামাৰীৰ সময়ত উচ্ছেদ কাৰ্য বন্ধ ৰখাৰ নিৰ্দেশ দিছে যদিও চৰকাৰ তথা জিলা প্ৰশাসনে জাননী দিয়াৰ ১২ঘণ্টা পাৰ নৌহওতেই আৰু ন্যায়ালয়ৰ নিৰ্দেশক অমান্য কৰি কাকী অঞ্চলত অমানৱীয় উচ্ছেদৰ কৰে ৷ ইয়াৰ পূৰ্বেও কিছুদিন আগত ক’ভিড মহামাৰীৰ সময়ত চতিয়াৰ কেইবাখনো গাঁৱত অমানৱীয়ভাৱে উচ্ছেদ কৰিছিল ৷ সেয়ে আমছুৰ সভাপতি গৰাকীয়ে কয় যে যদি লোক সকল প্ৰকৃত ভাৰতীয় নাগৰিক হয় তেন্তে পুনঃসংস্থাপনৰ ব্যৱস্থা কৰি উচ্ছেদ কৰক তাত সহযোগিতা আগবঢ়াব আৰু যদি বিদেশী হয় তেন্তে আইনমতে ব্যৱস্থা গ্ৰহণ কৰক ।

উচ্ছেদৰ বিৰুদ্ধে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ সংবাদমেল

কিন্তু তেওঁ চৰকাৰক প্ৰত্যাহ্বান জনাই কয় যে, চৰকাৰে চলোৱা উচ্ছেদিত পৰিয়ালৰ এটাও বিদেশী নাই । বৰঞ্চ তেওঁলোকে ১৯৭৫-৭৬ চনৰ পৰা খাজনা দিয়া ৰচিদ থকা বুলি সংবাদমেলত উল্লেখ কৰে সভাপতি গৰাকীয়ে । সেয়ে চৰকাৰে এই কৰ’ণা মহামাৰীৰ সময়ত চলোৱা অমানৱীয় উচ্ছেদ কাৰ্যৰ বিৰুদ্ধে কাইলৈ ৰাজ্যজুৰি আমছুৱে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব আৰু প্ৰতিখন জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব । ইয়াৰ পিছতো যদি চৰকাৰে গুৰুত্ব প্ৰদান নকৰে তেন্তে আমছুৱে জংগী আন্দোলন গঢ়ি তুলিব বুলি সভাপতি ৰেজাউল কৰিম সৰকাৰে চৰকাৰক সকিয়নী দিয়ে ।

লগতে পঢ়ক :মহকুমা চিকিৎসালয়লৈ উন্নীত হ'ব সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ

ABOUT THE AUTHOR

...view details