অসম

assam

ETV Bharat / state

গোৱালপাৰাৰ আটকাধীন দুই জেহাদীৰ সন্দৰ্ভত বিস্ফোৰক তথ্য - Jihadi arrested in Goalpara

গোৱালপাৰাত দুটাকৈ জেহাদী গ্ৰেপ্তাৰ হোৱাৰ পাছত ন-ন তথ্য পোহৰলৈ আহিছে জেহাদীৰ সম্পৰ্কত (Jihadi in Aassam)। গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক ভি ভি আৰ ৰেড্ডীয়ে গোৱালপাৰাৰ আটকাধীন দুই জেহাদীৰ সন্দৰ্ভত ফাদিল কৰে বিস্ফোৰক তথ্য ৷

Press meet about jihadi arrest
গোৱালপাৰাৰ আটকাধীন দুই জেহাদীৰ সন্দৰ্ভত বিস্ফোৰক তথ্য

By

Published : Aug 25, 2022, 12:33 PM IST

গোৱালপাৰা, 25 আগষ্ট: গোৱালপাৰাত দুটাকৈ জেহাদী গ্ৰেপ্তাৰ হোৱাৰ পাছত ন-ন তথ্য পোহৰলৈ আহিছে জেহাদীৰ সম্পৰ্কত (Jihadi in Aassam)। যোৱা 5 দিনৰ পূৰ্বে কলকাতাত জেহাদী সম্পৰ্কত গ্ৰেপ্তাৰ হোৱা আব্দুৰ ৰাকিবৰ সৈতে সম্পৰ্ক আছে গোৱালপাৰাৰ দুই জেহাদীৰ ৷ আব্বাছ আলীৰ নামত চিমকাৰ্ড ব্যৱহাৰ কৰিছিল আটকাধীন জালাল উদ্দিনে ।

গোৱালপাৰ জিলাৰ আৰক্ষী অধীক্ষক ভি ভি আৰ ৰেড্ডীয়ে এক সংবাদমেলত কয় যে এই সন্দৰ্ভত কয় যে বিভিন্ন চৰ চাপৰিত মাদ্ৰাছা স্থাপন কৰি জেহাদী কাৰ্যকলাপ চলাই গৈছিল আব্দুছ সুবাহান আৰু জালাল উদ্দিনে (Press meet about jihadi arrest) ৷ গোৱালপাৰাত গ্ৰেপ্তাৰ হোৱা দুই জেহাদীৰে সম্পৰ্ক আছে কলকাতাত গ্ৰেপ্তাৰ হোৱা দুধৰ্ষ জেহাদী আব্দুৰ ৰাকীবৰ লগত। ২০১৯ ত মাটিয়াৰ সুন্দৰপুৰ মাদ্ৰাছাত আয়োজন কৰা ধৰ্ম সভাতো উপস্থিত আছিল আব্দুৰ ৰাকিবে ৷

চৰ-চাপৰিত জেহাদী কাৰ্যকলাপ চলাই নিবলৈ পশ্চিম বংগৰ জাসংগীৰ আৰু আমিনুল ইছলামক নিয়োগ কৰা হৈছিল ৷ গোৱালপাৰা জিলাৰ দায়িত্বত আছিল আব্বাছ আলী। ইতিমধ্যে আনছাৰুল বাংলা টিম(ATB)ৰ লগত সম্পৰ্ক থকা আব্বাছ আলীক গোৱালপাৰা আৰক্ষীৰ সহযোগত বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

গোৱালপাৰাৰ আটকাধীন দুই জেহাদীৰ সন্দৰ্ভত বিস্ফোৰক তথ্য

আব্বাছ আলী আছিল দাৰোগাৰ পাৰ মাদ্ৰাছৰ ইমামতি। আব্বাছ আলীৰ নামত থকা চিমকাৰ্ড ব্যৱহাৰ কৰিব দিছিল আব্দুছ সুবাহান আৰু জালাল উদ্দিনক ৷ এই চিম কাৰ্ডৰ ভিত্তিত বহু তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷

চৰ চাপৰিৰ বিভিন্ন অঞ্চলত ধৰ্ম সভাৰ নামত জেহাদী কাৰ্যকলাপ চলাই গৈছিল দুই জেহাদীৰ সহযোগত বাংলাদেশৰ পৰা অহা ইমামে ৷ ইতিমধ্যে গোৱালপাৰা আৰক্ষীয়ে জেহাদী সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা সুবাহান আৰু জালাল উদ্দিনক ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মাত লৈছে ৷ অধিক তথ্য লাভৰ বাবে প্ৰয়োজনত পুনৰ আৰক্ষীৰ জিম্মাত বিচৰা হ’ব বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

যোৱা শুকুৰবাৰে গোৱালপাৰাৰ মাটীয়া থানাৰ অন্তৰ্গত তিনকোণীয়াপাৰা মছজিদ আৰু টিলাপাৰা মছজিদৰ পৰা জেহাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ সন্দেহত দুজনকৈ লোকক আটক কৰিছিল আৰক্ষীয়ে । সন্দেহজনকভাৱে আটক কৰা লোক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত শনিবাৰে গ্ৰেপ্তাৰ কৰিছিল দুই জেহাদী ক্ৰমে আব্দুছ সুবাহান আৰু জালাল উদ্দীনক (Jihadi arrested in Goalpara)।

আৰক্ষীৰ ভাষ্য অনুসৰি, এই দুই জেহাদী নতুন সদস্যভৰ্তিৰ কামত নিয়োজিত হৈ আছিল (Jihadi Membership in Assam)। আনকি জেহাদী দুটাৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰাৰ উপৰিও আৰবী ভাষাত লিখা পত্ৰও জব্দ কৰিছিল । সেই অনুসৰি স্থানীয় ৰাইজৰ ভাষ্যমতে ২০১৯ চনত জালালুদ্দিন আৰু আব্দুছ চোবাহান নেতৃত্বত অনুষ্ঠিত ধৰ্মসভাত অংশ লৈছিল ৫ টাকৈ জেহাদীয়ে ৷

লগতে পঢ়ক:আটকাধীন জেহাদীয়ে উদঙাইছে ৰাজ্যত জেহাদীৰ ভয়ংকৰ জালৰ ভিন্ন তথ্য

ABOUT THE AUTHOR

...view details