নিউজ ডেক্স, 27 ডিচেম্বৰঃ শুকুৰবাৰে ৰাজ্যজুৰি উদযাপন কৰা হয় গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ 17 সংখ্যক মৃত্যু দিৱস ৷ ৰাজ্যৰ ভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীৰে সোঁৱৰণ কৰা হ'ল হস্তীৰ কন্যা হিচাপে পৰিচিত প্ৰতিমা পাণ্ডে বৰুৱাক ৷ শিল্পীগৰাকীৰ জন্মস্থান গৌৰীপুৰতো অভিনৱ কাৰ্যসূচীৰে 60 খন কৈ দোতাৰা বজাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় শিল্পীগৰাকীক ৷ গৌৰীপুৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অনুস্থিত উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে কণ-কণ শিশুৰ লগতে 60 গৰাকীকৈ জেষ্ঠ দোতোৰা শিল্পীয়ে ৷
সমান্তৰালকৈ ধুবুৰী জিলাৰ চাপৰতো শিল্পীগৰাকীক স্মৰণ কৰে গুণমুগ্ধই ৷ চম্পাৱতী প্ৰডাকচনৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত প্ৰতিমা পাণ্ডে বৰুৱাৰ আৱক্ষ মূৰ্তিত পুষ্পমাল্য অৰ্পন কৰে ৰাজহ চক্ৰ বিষয়া নৱজিৎ পাঠকৰ লগতে বিভিন্ন সংগঠনৰ সদস্য আৰু অঞ্চলটোৰ ৰাইজে ৷