গোৱালপাৰা, 16 জুলাই : গোৱালপাৰাৰ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ । গোৱালপাৰা জিলাৰ কেইবাখনো ঠাইৰ বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ অন্তত মন্ত্ৰীগৰাকীয়ে গোৱালপাৰা জিলা উপায়ুক্তৰ সভাকক্ষত মিলিত হয় এক পুনৰীক্ষণ সভাত ৷ য'ত বানাক্ৰান্ত লোকসকলক পৰ্য্যাপ্ত পৰিমাণৰ সাহায্য দিয়াত ব্যৰ্থ হোৱা তথা কিছু মনেসজা প্ৰতিবেদন দাখিল কৰাত গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকা ওপৰত ক্ষুব্ধ হৈ পৰে মন্ত্ৰীগৰাকী ৷ লগতে ক্ষুব্ধ হৈ মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তকে ধৰি বিষয়া কৰ্মচাৰী সকলক ধমক দিয়ে ৷
গোৱালপাৰাৰ উপায়ুক্তৰ ওপৰত কিয় ক্ষুব্ধ হ'ল মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম - flood
বানাক্ৰান্ত লোকসকলক পৰ্য্যাপ্ত পৰিমাণৰ সাহায্য দিয়াত ব্যৰ্থ গোৱালপাৰাৰ জিলা উপায়ুক্তকে ধৰি বিষয়া-কৰ্মচাৰী ৷ তাকে দেখি ক্ষুব্ধ হৈ পৰিল মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম ৷ ধমক দিলে উপায়ুক্তসহ বিষয়া-কৰ্মচাৰীক ৷
মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ খং
ইপিনে ধমক দিয়াৰ দৃশ্য সাংবাদিকৰ কেমেৰাত বন্দী হৈ থকাৰ সময়তে সাংবাদিকসকলক সভাকক্ষৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিয়ে গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকাই । উপায়ুক্তগৰাকীৰ এই কাৰ্যত স্বাভাৱিকতে আচম্বিত হৈ পৰে সংবাদকৰ্মীসকল ।