গোৱালপাৰা,11 ছেপ্তেম্বৰ :প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিখন মুকলি কৰিয়ে এই আচনিখন স্বচ্ছ আৰু নিকাৰে ৰূপায়ণ কৰা হ'ব বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে ৷ কিন্তু বৰ্তমান আঁচনিখন ৰূপায়ণৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে ৷
গোৱালপাৰাত PMAY গৃহৰ নামত হিতাধিকাৰীয়ে দিব লগা হৈছে গাঁঠিৰ ধন অভিযোগ অনুসৰি,37নং গোৱালপাৰা পূৱ বিধানসভা সমষ্টিৰ অন্তৰ্গত কল্যাণপুৰ গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সৃষ্টি হৈছে ব্যাপক কেলেংকাৰী । একেটা পৰিয়ালৰ মাজত 2-3 টা ঘৰ পোৱাৰ বিপৰীতে প্ৰকৃত হিতাধিকাৰীয়ে চৰকাৰী ঘৰ লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ ভুক্তভোগীৰ ।
গোৱালপাৰাত PMAY গৃহৰ নামত হিতাধিকাৰীয়ে দিব লগা হৈছে গাঁঠিৰ ধন ইপিনে,স্থানীয় প্ৰতিনিধি তথা কল্যাণপুৰ গাঁও পঞ্চায়তৰ সভাপতি হিতেশ মণ্ডলে ঘৰ দিয়াৰ নামত এহেজাৰ টকাকৈ ধন সংগ্ৰহ কৰা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰে সুমতি দাস নামৰ এগৰাকী মহিলাই । দুৰ্ভাগ্যজনকভাৱে হিতাধিকাৰীসকল অতি দৰিদ্ৰ তথা নিৰক্ষৰ হোৱাৰ সুযোগ গ্ৰহণ কৰি পঞ্চায়ত সভাপতি অথবা ৱাৰ্ড সদস্যক প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ সন্দৰ্ভত কিবা সুধিলে ওলোটাই বিভিন্ন কটু বাক্যৰে দাবী ধমকি দিয়া বুলি ভুক্তভোগীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷ যাৰ বাবে ভুক্তভোগী ৰাইজে বিষয়টো সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ পৰা উচিত তদন্ত বিচাৰিছে ৷
লগতে পঢ়ক : দৃষ্টিনন্দন সাজসজ্জাৰে ৰাধা-কৃষ্ণৰ ভাওত এজাক শিশু