গোৱালপাৰা, 9 জুলাই : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ এজন দায়িত্বশীল মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছৰে পৰা ধাৰাবাহিকভাৱে সক্ৰিয় অৱস্থাত দেখা পোৱা গৈছে মন্ত্ৰী বিমল বৰাক ৷ ৰাজ্যত অব্যাহত থকা ক'ভিড পৰিৱেশৰ মাজতে শক্তি বিভাগটোত সততে দেখা পোৱা বিসংগতি সমূহ এফালৰ পৰা দূৰ কৰিবলৈ উঠি-পৰি লাগিছে মন্ত্ৰী গৰাকী ৷ বিগত দুমহীয়া কাৰ্যকালত প্ৰায় প্ৰতিখন জিলাতে উপস্থিত হৈ বিভাগটোত সংঘটিত হৈ থকা অনিয়ম সমূহৰ বিৰুদ্ধে সৰৱ হৈছে মন্ত্ৰী বিমল বৰা ৷ ইয়াৰ মাজতে ক'ভিড পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে গোৱালপাৰাত উপস্থিত হৈছে শক্তি মন্ত্ৰী বিমল বৰা ৷
তিনিদিনীয়া কৰ্মসূচী হাতত লৈ বৃহস্পতিবাৰৰ বিয়লি গোৱালপাৰাত উপস্থিত হয় মন্ত্ৰী বিমল বৰা ৷ ইয়াৰ পাছতে জিলাখনৰ মৰনৈ আৰু মাটিয়া খণ্ড প্ৰাথমিক চিকিৎসালয়ত উপস্থিত হৈ ক'ভিড পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে ৷ মৰনৈ খণ্ড প্ৰাথমিক চিকিৎসালয় পৰিদৰ্শন কৰি অঞ্চলটোৰ ক'ভিড পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে মন্ত্ৰী বৰাই ৷ ক'ভিড সংক্ৰমণ উদ্বেগজনক ভাৱে বৃদ্ধি পোৱাত ৰাইজক সজাগ হোৱাৰ আহ্বান জনোৱাৰ লগতে কন্টেইনমেন্ট জ'নৰ নীতি নিৰ্দেশনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কঠোৰ হ’বলৈ আৰক্ষীক নিৰ্দেশ দিয়ে ৷