গোৱালপাৰা, 9 আগষ্ট :দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা চৰকাৰৰ দিনতে পোহৰলৈ আহিছে দুৰ্নীতিৰ নানান তথ্য ৷ কেতিয়াবা যদিইন্দিৰা আৱাস যোজনাৰ নামত দুৰ্নীতি, কেতিয়াবা আকৌ জলসিঞ্চন আঁচনিত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ আনকি কেতিয়াবা আকৌ পথ নিৰ্মাণত দুৰ্নীতি তথা অনিয়ম সংঘটিত হোৱাৰ বিভিন্ন তথ্য পোহৰলৈ আহিছে ৷
অভিযোগ অনুসৰি, এইবাৰদুৰ্নীতি সংঘটিত হৈছে গোৱালপাৰা জিলাৰ জলেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চিৰাকুটি গাঁও পঞ্চায়তত ৷ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত এটা কালভাৰ্ট নিৰ্মাণৰ কামৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ তৰিছে স্থানীয় ৰাইজে ৷ অঞ্চলটোৰ ৰাইজে অভিযোগ কৰা অনুসৰি, জলেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চিৰাকুটি গাঁও পঞ্চায়তত ২০১৯-২০২০ বৰ্ষতে কালভাৰ্ট নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল ৷ কিন্তু পৰিতাপৰ বিষয় যে, বৰ্তমান পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল কালভাৰ্ট নিৰ্মাণৰ কাম ৷
যাৰ ফলত সেই নিৰ্দিষ্ট পথটোৰে যাতায়াত কৰাত বহু সমস্যাৰ সন্মুখীন হ’বলগাত পৰিছে অঞ্চলটোৰ ৰাইজ ৷ ২০১৯-২০২০ বৰ্ষতে আৰম্ভ কৰা কালভাৰ্টৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ নুঠাত ক্ষোভিত হৈ পৰিছে ৰাইজ ৷ অঞ্চলবাসীৰ অভিযোগ, এই দুৰ্নীতিত ওতপ্ৰোতঃভাৱে জড়িত হৈ আছে পঞ্চায়তখনৰ সচিব আৰু সভাপতি । পথটো সঠিক ৰূপত নিৰ্মাণ কৰাৰ সন্দৰ্ভত পঞ্চায়তখনৰ সচিব জয়নাল আবদিন আৰু সভাপতি মিয়াৰচান আলীক বহুবাৰ ৰাইজে অনুৰোধ কৰিছিল ৷