অসম

assam

ETV Bharat / state

গোৱালপাৰাত ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ !

গোৱালপাৰা জিলাৰ ভাৰত স্বাধীনতাৰ দিনৰে এখন গাঁও । গাঁৱবাসীয়ে আজিও দেখা নাই উন্নয়নৰ মুখ । গাঁৱবাসীয়ে চিনি নাপায় বিধায়কক ।

Political party entry ban in golapara dekkhowa village
গোৱালপাৰাৰ ডেকধোৱা গাঁৱত ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ

By

Published : Feb 13, 2021, 11:58 AM IST

গোৱালপাৰা,13 ফেব্ৰুৱাৰী:গোৱালপাৰা জিলাৰ পূৱ বিধানসভা সমষ্টিৰ ডেকধোৱা গাঁৱৰ লোকে এইবাৰ নিৰ্বাচনৰ পূৰ্বে গাঁৱখনত নিষিদ্ধ কৰিছে ৰাজনৈতিক নেতাৰ প্ৰৱেশ । স্বাধীনতা দিনৰ পৰাই এই গাঁৱখনত বসবাস কৰি আহিছে প্ৰায় তিনি-চাৰিশ পৰিয়ালে । ৪৬ নং ৰাজ্যিক ঘাইপথৰ কাষত থকা এই গাঁৱখনৰ গাঁৱবাসীয়ে আজিলৈ দেখা নাই উন্নয়নৰ মুখ । আন আন সমস্যাবোৰ দূৰৰে কথা গাঁৱবাসীয়ে আজিলৈ নাপালে এটি পকী পথ । যাৰ ফলত এক নৰক যন্ত্ৰণা ভুগিবলগা হৈছে গাঁৱবাসীয়ে । বিদ্যালয়লৈ যাব নোৱাৰে ছাত্ৰ-ছাত্ৰী । বাৰিষাকালত এক প্ৰকাৰ যাতায়ত বন্ধ হৈ পৰে গাঁৱখনত ।

গোৱালপাৰাৰ ডেকধোৱা গাঁৱত ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ

গাঁৱখনৰ বাসিন্দাসকলে ৰাজনৈতিক নেতাসকলে তেওঁলোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ কৰিছে ৷ গাঁৱবাসীক প্ৰতিশ্ৰুতি দি নিৰ্বাচনত জয়ী হোৱাৰ পিছত কোনো এজন বিধায়কে গাঁৱখনত প্ৰৱেশ নকৰাৰ অভিযোগ কৰিছে স্থানীয় লোকে ৷ গোৱালপাৰা পূৱ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক এ কে ৰচিদ আলমক আজিলৈ দেখা নাই গাঁৱবাসীয়ে । যাৰ বাবে এইবাৰ নিৰ্বাচনৰ পূৰ্বে গাঁৱখনত ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে স্থানীয় লোকে । ৰাজনৈতিক নেতা তথা প্ৰাৰ্থীয়ে গাঁৱখনৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দিলে তথা বিহিত ব্যৱস্থা গ্ৰহণ কৰিলেহে প্ৰতিনিধিক গাঁৱখনত প্ৰৱেশ কৰিবলৈ দিয়াৰ কথা ব্যক্ত কৰে গাঁৱবাসীয়ে ৷

লগতে পঢ়ক : যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details