গোৱালপাৰা,8 জুন:সমগ্ৰ ৰাজ্যত অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণকাৰী অভিযান তীব্ৰতৰ ৰূপত অব্যাহত আছে ৷ এই সময়তে গোৱালপাৰা জিলাৰ আৰক্ষী প্ৰশাসন কুখ্যাত বাইক চুৰি চক্ৰ (motor bike thief racket) উৎখাতৰ বাবে তৎপৰ হৈ পৰিছে ।
শেহতীয়াকৈ বাইক চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলাই সফলতা লাভ কৰিলে গোৱালপাৰা আৰক্ষী প্ৰশাসনে । পুনৰ আৰক্ষীৰ জালত পৰিল দুৰ্ধৰ্ষ বাইক চুৰি চক্ৰৰ তিনিটা বাইক চোৰ ৷ আনহাতে আৰক্ষীয়ে সোধ-পোছৰ বাবে আন দুজন যুৱকক আটক কৰিছে ।
ইয়াৰ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰিছে 9 খনকৈ চুৰি বাইক । দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতি আৰু ৰংজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া (officer in charge) ভবেন দাসৰ নেতৃত্বত আৰক্ষীৰ দলে শিমলীতোলা আৰক্ষীৰ সহযোগত ৰংজুলিৰ খেৰোপাৰাৰ পৰা নুৰ আলম নামৰ কুখ্যাত বাইক চোৰটোক আটক কৰাৰ লগতে উদ্ধাৰ কৰে বাইক আৰু বহু ভূৱা নম্বৰপ্লেট সহ যন্ত্ৰপাতি ।