গোৱালপাৰা, 24 ফেব্ৰুৱাৰীঃগোৱালপাৰাত প্ৰধান মন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ অধীনত নিৰ্মিত কামত ঠিকাদাৰৰ দুৰ্নীতিৰ অভিযোগ ৷ গোৱালপাৰা জিলাৰ গৰকাপ্তানী বিভাগৰ অধীনস্থ মজগুৰি এল.পি স্কুলৰ পৰা আমগুৰিলৈ যোৱা পথটোৰ দায়িত্ব প্ৰদান কৰা হৈছিল ঠিকাদাৰ দুৰ্গা দত্ত ৰাভাক ৷ ১.৮২ কি:মি: জোৰা পথটোৰ নিৰ্মাণ ব্যয় ধাৰ্য কৰা হৈছিল3 কোটি 21 লক্ষাধিকৰো অধিক টকা ৷এতিয়া ঠিকাদাৰজনে প্ৰাককলন অনুসৰি কাম নকৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় ৰাইজে ৷
গোৱালপাৰাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে - দুৰ্গা দত্ত ৰাভা
ঠিকাদাৰৰ বিৰুদ্ধে গোৱালপাৰাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ 3 কোটি 21 লক্ষাধিকৰো অধিক টকা নিৰ্মাণ ব্যয় ধাৰ্য কৰা পথটোৰ প্ৰাককলন অনুসৰি কাম নকৰাৰ অভিযোগ উত্থাপন ঠিকাদাৰজনৰ বিৰুদ্ধে ৷
![গোৱালপাৰাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6186186-thumbnail-3x2-kl.jpg)
দুৰ্নীতিৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে
Last Updated : Feb 24, 2020, 6:41 PM IST