অসম

assam

By

Published : Sep 6, 2020, 6:37 PM IST

ETV Bharat / state

গোৱালপাৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লুণ্ঠনৰ অভিযোগ

ফুটুকাৰ ফেনত পৰিণত হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি ৷ গোৱালপাৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লুণ্ঠন চলাৰ এক অভিযোগ উত্থাপিত হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে সুবিধা লাভৰ পৰা বঞ্চিত হিতাধিকাৰীসকলে ৷

Pmay panchyat corruption goalpara assam etv bharat news
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লুণ্ঠনৰ অভিযোগ

গোৱালপাৰা,6 ছেপ্তেম্বৰ:সম্প্ৰতি একপ্ৰকাৰ ফুটুকাৰ ফেনত পৰিণত হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি ৷ গোৱালপাৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লুণ্ঠন চলাৰ এক অভিযোগ উত্থাপিত হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে সুবিধা লাভৰ পৰা বঞ্চিত হিতাধিকাৰীসকলে ৷ জিলাখনৰ ৪১নং কুমৰী গাঁও পঞ্চায়তত সংঘটিত হৈছে এই লুণ্ঠন ৷ ঘটনাৰ বিৱৰণী অনুসৰি, পঞ্চায়তখনৰ 10 টা খণ্ডত কেন্দ্ৰীয়ভাৱে পঞ্চায়ত প্ৰতিনিধিসকলক বাচনি কৰি দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালসমূহৰ মাজত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টন দিবলৈ নিৰ্দেশ দিয়া হৈছিল ৷ কিন্তু পঞ্চায়তত কৰ্মৰত একাংশ কৰ্মচাৰীয়ে নগদ ধনৰ বিনিময়ত প্ৰকৃত হিতাধিকাৰীক এই সুবিধা প্ৰদানৰ বিপৰীতে অন্য ব্যক্তিৰ নাম তালিকাত অন্তৰ্ভূক্ত কৰে ৷ তদুপৰি পঞ্চায়তখনৰ 9,10 আৰু 11 নং ৱাৰ্ডৰ সদস্যসকলৰ অজ্ঞাতে সভাপতি আনন্দ ৰাভা আৰু সচিবগৰাকীয়ে বুজাবুজিৰে একাংশ ধনী লোকৰ আত্মীয়ক 10 টাকৈ হ আৱণ্টন দিয়াৰো অভিযোগ উত্থাপিত হৈছে ৷

উত্তেজিত ৰাইজৰ প্ৰতিবাদ

আনহাতে,উল্লেখিত 10 টা খণ্ডৰ 7 টাতে প্ৰায় 80 শতাংশ কাম সম্পূৰ্ণ হোৱাৰ বিপৰীতে বাকী তিনিটাত কোনো ধৰণৰ কাম ৰহস্যজনকভাৱে সম্পূৰ্ণ হোৱা নাই ৷ সেয়ে পঞ্চায়ত সচিব আৰু সভাপতিগৰাকীৰ এনে দুৰ্নীতিৰ বিৰুদ্ধে প্ৰায় তিনি শতাধিক ৰাইজে শনিবাৰে পঞ্চায়ত কাৰ্যালয়টো ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ তদুপৰি প্ৰতিবাদী দলটোৱে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদ ৷ বিগত 2018-19 বিত্তীয় বৰ্ষতো এই আঁচনিত কেলেংকাৰী সংঘটিত হোৱা বুলি ভূক্তভোগীসকলে অভিযোগ উত্থাপন কৰে ৷ প্ৰতিবাদকাৰীসকলে শীঘ্ৰে এই লুণ্ঠনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লুণ্ঠনৰ অভিযোগ

লগতে চাওকঃঅভিশপ্ত নেকি অগপ: বাৰে বাৰে কিয় বিভাজিত হয় দলটো !

ABOUT THE AUTHOR

...view details