গোৱালপাৰা, 11 মে’:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ দুবছৰ কাৰ্যকালত সম্পূৰ্ণৰূপে বিফল ৷ এই চৰকাৰ প্ৰতাৰক আৰু প্ৰৱঞ্চনাৰ চৰকাৰ ৷ এই অভিযোগ আমাৰ নহয়, এই অভিযোগ সাধাৰণ ৰাইজৰ (2 years of HBS govt) ৷
ইতিমধ্যেই অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুটা বছৰৰ কাৰ্যকাল সম্পূৰ্ণ হৈছে ৷ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে অতি ব্যয়বহুলভাৱে আয়োজন কৰা হৈছে বিভিন্ন চৰকাৰী কাৰ্যসূচী ৷ এই দুবছৰীয়া কাৰ্যকালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে প্ৰকৃতাৰ্থত কিমান সফল বা বিফল হৈছে সেই সন্দৰ্ভত ইটিভি ভাৰতে মতামত গ্ৰহণ কৰিছিল গোৱালপাৰাবাসী ৰাইজৰ (ETV Bharat opinion) ৷ ৰাইজে কয় যে, এই চৰকাৰ এখন সম্পূৰ্ণৰূপে বিফল চৰকাৰ ৷
লগতে ৰাইজে কয়, এই বিজেপি চৰকাৰৰ কাৰ্যকাল দুবছৰীয়া নহয় সাতবছৰীয়াহে ৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে সাধাৰণ খাটি খোৱা ৰাইজক ৷ কেৱল মূল্যবৃদ্ধিয়েই নহয়, এই চৰকাৰখনে উন্নয়নৰ নামত কেৱল হিন্দু-মুছলমানহে কৰি আছে (Price hike in Assam) ৷