অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সভাত পুনৰ ক'লা পতাকাৰ আতংক - goalpara

জনসাধাৰণক ক'লা ৰুমাল লৈ সভাত প্ৰৱেশত বাধা নিৰাপত্তাবাহিনীৰ৷

মুখ্যমন্ত্ৰীৰ সভাত পুনৰ ক'লা পতাকাৰ আতংক

By

Published : Apr 14, 2019, 9:21 PM IST

Updated : Apr 14, 2019, 10:12 PM IST

ওদালগুৰি, 14 এপ্ৰিল : নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদৰ সময়ত হোৱা ক'লা পতাকাৰ প্ৰদৰ্শন পুনৰ উভতি আহিছে নিৰ্বাচনী প্ৰচাৰৰ সময়তো ৷ কেবৰ প্ৰতিবাদৰ সময়ত ক'লা পতাকাই খেদি ফুৰিছিল বিজেপি দলৰ নেতা পালিনেতাক। আনকি ক'লা পতাকাৰ পৰা বাচি যোৱা নাছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও ৷

মুখ্যমন্ত্ৰীৰ সভাত পুনৰ ক'লা পতাকাৰ আতংক

কেব সংসদত উত্থাপন নোহোৱাৰ পৰিপেক্ষিতত বন্ধ হৈছিল ক'লা পতাকাৰ প্ৰদৰ্শন ৷ কিন্তু এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত পুনৰ ক'লা পতাকাৰ আতংক দেখা গ'ল ওদালগুৰিত। দেওবাৰে ওদালগুৰিত মুখ্যমন্ত্ৰীৰ এক প্ৰচাৰসভাত জনসাধাৰণক নিৰাপত্তাবাহিনীয়ে ক'লা ৰুমাল লৈ সভাত প্ৰৱেশ কৰাত বাধা আৰোপ কৰে ৷ ওদালগুৰি জিলাৰ অন্তৰ্গত পানেৰী বিধান সভা সমষ্টিত মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ সভাত ক'লা ৰুমাল নিবলৈ জনসাধাৰণক নিৰাপত্তা বাহিনীয়ে বাধা প্ৰদান কৰা কাৰ্যই বৰ্তমানে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যতে ৷

এই জনসভাতেই কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কিন্তু কংগ্ৰেছৰ অৱহেলা, অপশাসন, দুৰ্নীতি আদিৰ বাবে বৰ্তমান অসমখন পিছ পৰি থকা বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Last Updated : Apr 14, 2019, 10:12 PM IST

ABOUT THE AUTHOR

...view details