গোৱালপাৰা, 7 জুলাই : গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ এখন দলঙে জলা-কলা খুৱাইছে বৃহত্তৰ গৌৰ নগৰবাসীক(Dilapidated bridge of Goalpara) । নিতৌ এই দলংখনেৰেই অহা যোৱা কৰে বহু লোক ৷ দলংখনত উঠিবলৈ লাগে এডাল বাঁহ(People are facing problems due to dilapidated bridge) । সাঁকোৰেই অতি বিপজ্জনকভাৱে এতিয়া দলংখনত উঠিব লাগে অঞ্চলটোৰ স্থানীয় ৰাইজে । উক্ত দলংখনৰ বাবেই এতিয়া যমৰ যাতনা ভুগিবলগীয়া হৈছে অঞ্চলবাসী ৰাইজে ।
মৰণক শৰণ দি যাতায়াত কৰিবলগীয়া হৈছে কণ কণ ছাত্ৰ-ছাত্ৰী, গৰ্ভৱতী মহিলাকে ধৰি অঞ্চলটোৰ লোকসকল । ইফালে, যাতায়াত আৰু যোগাযোগ ব্যৱস্থা বন্ধ হৈ পৰাৰ ফলত যথেষ্ঠ অসুবিধাৰ সন্মূখীন হৈছে অঞ্চলটোৰ ৰাইজে ।