গোৱালপাৰা, 2 ডিচেম্বৰ :অসমত যেন সলনি হৈছে অপৰাধীৰ বিচাৰৰ পদ্ধতি ৷ শেহতীয়াকৈ অপৰাধীলৈ অসম আৰক্ষীয়ে গুলীচালনা কৰা ঘটনাক্ৰম যেন তেনেই সাধাৰণ হৈ পৰিছে (Assam police encounter) ৷ ৰাজ্যৰ প্ৰায় কেইখন জিলাতেই আৰক্ষীয়ে অপৰাধী গ্ৰেপ্তাৰ কৰাৰ পাচতেই খবৰ আহে গুলী চালনাৰ ৷ প্ৰায় সমূহ ঘটনাৰ মাজতে কিন্তু পৰিলক্ষিত হয় সাদৃশ্য ৷ আৰক্ষীৰ আটকৰ পাচত জিম্মাৰ পৰা অপৰাধীয়ে পলায়নৰ চেষ্টা কৰে আৰু আৰক্ষীয়ে গুলী চালনা কৰে ৷ কোনোবা মৰে কোনোবা ঘূণীয়া হয় ৷
এইবাৰ স্থান গোৱালপাৰা ৷ যোৰহাটৰ অনিমেষ গণপ্ৰহাৰ আৰু হত্যাৰ মূল অভিযুক্ত ক’লা ল’ৰাই আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওতেই মৃত্যু ঘটাৰ যি ঘটনা তাৰ চৰ্চা চলি থকাৰ মাজতে গোৱালপাৰাত আৰক্ষীৰ গুলী ম’ষ্ট ৱান্টেড অপৰাধীলৈ (Police firing at Goalpara) ৷ গোৱালপাৰাত ম’ষ্ট ৱান্টেড অপৰাধীক কাবু কৰিবলৈ গুলী চলালে গোৱালপাৰা আৰক্ষীয়ে ৷ আৰক্ষীৰ গুলীত আহত জাকাৰীয়া শিকদাৰ ৷
কুখ্যাত বাইক চোৰ হিচাপে আৰক্ষীৰ অপৰাধীৰ তালিকাত আছে এই জাকাৰী শিকদাৰৰ (Most wanted criminal in Goalpara) নাম ৷ জাকাৰীয়াৰ বিৰুদ্ধে আছে বহু কেইটা অপৰাধজনিত গোচৰ ৷