পশ্চিম গোৱালপাৰা,29 জুন : ফেচবুকত অশ্লীল মন্তব্য কৰি পোষ্ট দি ৰঙাঘৰৰ আলহী হ'ল এগৰাকী যুৱক । বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অধীনষ্ঠ সোনাঘোলা গাঁৱৰ মজিবুৰ ৰহমানৰ পুত্ৰ সমীৰ জালালে কিছুদিন পূৰ্বে নিজৰ ফেচবুক একাউন্টৰ পৰা ভগৱান শ্ৰী ৰামৰ বিষয়ে অশ্লীল মন্তব্য দিছিল পোষ্ট ৷ ইয়াকে লৈ ফেচবুকত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।
ফেচবুকত অশ্লীল মন্তব্য কৰি ৰঙাঘৰলৈ এজন
ফেচবুকত অশ্লীল মন্তব্য কৰি ৰঙাঘৰৰ আলহী হ'ল এগৰাকী যুৱক। সম্প্ৰতি যুৱকজন লক্ষীপুৰ আৰক্ষীৰ জিম্মাত ।
ফেচবুকত অপশব্দ প্ৰয়োগ কৰি ৰঙাঘৰলৈ এজন
পাচত ছমিৰ জালালৰ এনে মন্তব্যৰ বিৰুদ্ধে বিগত 23 জুনত লক্ষীপুৰ আৰক্ষী থানাত স্থানীয় যুৱক ৰফিকুল ইছলামে এখন এজাহাৰ দাখিল কৰে । তেওঁৰ এজাহাৰৰ ভিত্তিতেই লক্ষীপুৰ আৰক্ষীয়ে 337/2019 নম্বৰত 153(A)/295(A)/298 ধাৰাত এক গোচৰ ৰুজু কৰি আটক কৰে যুৱকজনক ৷ লক্ষীপুৰ আৰক্ষীয়ে বঙাইগাঁও ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা তিনি দিনৰ জিম্মাত লৈ অব্যাহত ৰাখিছে সোধ-পোচ ।