গোৱালপাৰা, 24 অক্টোবৰঃৰাজ্যচৰকাৰৰ লগতে আদালতৰ নিৰ্দেশো নামানে এইখন অসমৰে একাংশ চৰকাৰী বিষয়াই ৷ এইসকল চৰকাৰী কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ নমুনা পোহৰলৈ আহিছে গোৱালপাৰা জিলাৰ সীমান্তৱৰ্তী ধুবুৰী জিলাৰ চিৰাকুটিত অৱস্থিত এটা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত ৷ একপ্ৰকাৰে বছৰ বছৰ ধৰি কাৰ্যালয়টোত চৰকাৰী ধনৰ শৰাধ পাতি চলি আহিছে চৰম অৰাজকতা ৷
লগতে পঢ়কঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামিল নৱজ্যোতি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
অসমীয়াত এশাৰী আপ্তবাক্য আছে, "আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল৷" এইশাৰী বাক্য আখৰে আখৰে প্ৰতিফলন ঘটিছে জামাদাৰ হাট উন্নয়ন খণ্ডৰ কাৰ্যালয়ত । ধুবুৰী জিলাৰ দক্ষিণ প্ৰান্তৰ এইটো কাৰ্যালয়ত লাগতিয়াল আচৱাব-পাতিকে ধৰি সকলো সুবিধা উপলব্ধ আছে ৷ কিন্তু 2001 চনৰ পৰাই কাৰ্যালয়টোত অনুপস্থিত অন্যান্য কৰ্মচাৰীকে ধৰি খোদ খণ্ড উন্নয়ন বিষয়াগৰাকী ৷