গোৱালপাৰা,31 মাৰ্চঃকৰ’ণা আতংকৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীয়ে ৰাইজক সহায়ৰ বাবে আহ্বান জনাইছিল । এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই গোৱালপাৰা বিহু ফিল্ডৰ নিউ গোৱালপাৰা ৰঙালী বিহু সন্মিলনীয়ে মঙলবাৰে আৰ্থিক অনুদান আগবঢ়ায় ৷ আগন্তুক ৰঙালী বিহু উদযাপনৰ পৰা বিৰত থাকি বিহু কমিটিখনে ১ লাখ টকা মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ অনুদান হিচাপে আগবঢ়ায় ।
আৰোগ্য নিধিলৈ সহায়ৰ হাত নিউ গোৱালপাৰা ৰঙালী বিহু সন্মিলনীৰ - নিউ গোৱালপাৰা ৰঙালী বিহু সন্মিলনী
মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ এক লাখ টকাৰ অনুদান গোৱালপাৰা চহৰৰ বিহু ফিল্ডৰ নিউ গোৱালপাৰা ৰঙালী বিহু সন্মিলনীৰ । জিলা উপায়ুক্তৰ জৰিয়তে সন্মিলনীয়ে আগবঢ়ায় এই অনুদান ৷
আৰ্থিক অনুদান
সমান্তৰালকৈ বিভিন্ন দল-সংগঠনক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনায় বিহু কমিটিৰ সভাপতি গৰাকীয়ে ৷ প্ৰশাসনৰ হৈ জিলা উপায়ুক্ত বৰ্ণালী ডেকাই এই অনুদান গ্ৰহণ কৰে ৷
লগতে চাওকঃঅসমত প্ৰথমগৰাকী কৰ'ণা আক্ৰান্ত ব্যক্তি চিনাক্ত : হিমন্ত বিশ্ব শৰ্মা