গোৱালপাৰা,২৬ ফেব্ৰুৱাৰীঃসোমবাৰে বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত হলংগাপাৰা গাঁওত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। তথ্য অনুসৰি সোমবাৰে নিশা কোনো দুৰ্বৃত্তই জ্বলাই দিয়ে ৩ টা পৰিয়ালৰ বাসগৃহ ।গাঁওখনৰ জছিম উদ্দিন, খয়ৰুদ্দিন আৰু আব্দুল হামিদৰ বাসগৃহ নিশা প্ৰায় ১১ বজাত এটা দুৰ্বৃত্তৰ দলে অগ্নিসংযোগ কৰাত তিনিটা পৰিয়ালৰ ১১ টাকৈ গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।
নগৰবেৰাত ভয়ংকৰ অগ্নিকাণ্ডঃ তিনিটা পৰিয়ালৰ বাসগৃহ ভস্মীভূত
পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ
NM
এইভয়ংকৰঅগ্নিকাণ্ডত প্ৰায় ৪০ লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যোৱাৰ লগতে তিনিটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মীভূত হয়। ইয়াৰ লগতে এই তিনিটা পৰিয়ালৰ নগদ ধন,গুৰুত্বপূৰ্ণ নথি পত্ৰআৰু কেইবাটাও পশুধনৰ মৃত্যু হয়। পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবেই দুৰ্বৃত্তৰ দলে এই জঘন্য কাণ্ডসংঘটিত কৰাৰ সন্দেহ কৰা হৈছে । এই ঘটনাই তীব্ৰ আতংকৰ সৃষ্টি কৰে অঞ্চলটোত । ইতিমধ্যে ভুক্তভোগী পৰিয়ালে কাছুমাৰা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।