গোৱালপাৰা,২৪ নৱেম্বৰ :গোৱালপাৰা জিলাৰ সীমামূৰীয়া অঞ্চল নগৰবেৰাৰ জলজলী নদীৰ ওপৰত থকা কোটি টকীয়া দলংখনৰ ওপৰেৰে এতিয়া যাতায়ত কৰিবলৈ ভয় ৰাইজৰ (Wooden bridge condition in Goalpara)। কোন মুহূৰ্তত দলঙত দুৰ্ঘটনা সংঘটিত হয় তাৰ কোনো নিশ্চয়তা নাই । কিয়নো ৰাজ্যৰ ভিতৰতে দীৰ্ঘতম দলংসমূহৰ ভিতৰত অন্যতম এই দলংখন এতিয়া মৰণ ফান্দত পৰিণত হোৱাৰ উপক্ৰম হৈছে । ঠায়ে ঠায়ে ভাঙি গৈছে কাঠৰ দলংখন ।
উপায়বিহীন হৈ অতি বিপদসংকুলভাৱে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি স্থানীয় লোকসকলে নিতৌ পাৰ হ'বলগীয়া হৈছে ভঙা দলংখনেৰে । কিন্তু দলংখনৰ মেৰামতিৰ কোনো ব্যৱস্থা লোৱা নাই চৰকাৰে । যাৰ বাবে এতিয়া শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।
উল্লেখ্য যে জলজলী নদীৰ ওপৰত থকা দীৰ্ঘতম কাঠৰ দলংখন দুবছৰ পূৰ্বে প্ৰায় ১ কোটি ১৪ লাখ টকা ব্যয় সাপেক্ষে ৰাইজে নিৰ্মাণ কৰিছিল । ৰাইজৰ দান-বৰঙণিৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল দলংখন । তাৰ পাছত মাজে সময়ে ৰাইজে মেৰামতিও কৰিছিল দলংখন । কিন্তু পৰৱৰ্তী সময়ত প্ৰায় ৮ মাহ পূৰ্বে লোক নিৰ্মাণ বিভাগে দলংখন চমজি লয় ।