গোৱালপাৰা, ২ মে’:গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী মন্দিৰত বান্দৰৰ উপদ্ৰৱ (Monkey menace at Tukreswari temple)। বান্দৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে চুপিয়া খাতুন নামৰ এগৰাকী মহিলা । কথমপি প্ৰাণ ৰক্ষা পৰিল এটি শিশুৰ । ইতিমধ্য়ে মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । গোৱালপাৰা জিলাৰ বান্দৰৰ ৰজাৰাণী খ্যাত টুক্ৰেশ্বৰী দেৱালয়ত এতিয়া বান্দৰৰ উপদ্ৰৱ (Tukreswari temple at Goalpara)।
উল্লেখ্য় যে, গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত কৃষ্ণাইৰ টুক্ৰেশ্বৰী দেৱালয়ত বান্দৰৰ উপদ্ৰৱত অতিষ্ঠ হৈছে ৰাইজ । যোৱা শুকুৰবাৰে অৰ্থাৎ ২৮ এপ্ৰিলত টুক্ৰেশ্বৰী মন্দিৰৰ এটা মলুৱা বান্দৰে মন্দিৰৰ ওচৰতে থকা টুকুৰা বজাৰৰ আজিম উদ্দীনৰ গৃহত প্ৰৱেশ কৰি এটি শিশুক আক্ৰমণ কৰিবলৈ উদ্য়ত হয় । শিশুটিক মাতৃয়ে বান্দৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ লওঁতেই মলুৱা বান্দৰটোৱে মহিলাগৰাকীক উপৰ্জুপৰি আক্ৰমণ কৰে ।
বান্দৰৰ আক্ৰমণ ইমানেই ভয়ানক আছিল যে, মহিলাগৰাকীক কামুৰি শৰীৰৰ কেইবাঠাইত মাংস উঠাই নিয়ে (Monkey attacked woman in Goalpara)। মহিলাগৰাকীৰ হাতৰ কেইবাটাও আঙুলি কামুৰি ভাঙি দিয়ে । মহিলা গৰাকীয়ে কণমানি শিশু আৰু নিজৰ প্ৰাণ বচাবলৈ চিঞৰ-বাখৰ কৰাত ৰাস্তাৰে গৈ থকা লোকে মহিলাগৰাকীৰ চিঞৰ শুনি গৃহত উপস্থিত হৈ দুয়োগৰাকীকে উদ্ধাৰ কৰে ।