গোৱালপাৰা, ৯ জানুৱাৰী: গোৱালপাৰা জিলাৰ জলেশ্বৰ শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ ফুলগাছাত প্ৰথমবাৰ বাবে মুকলি হ'ল এটি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ (Model Anganwadi Centre Inaugurated in Jaleswar)। এই অংগনৱাড়ী কেন্দ্ৰটো উদ্বোধন কৰে বিধায়ক আফটাব উদ্দিন মোল্লাই । তেওঁ কেন্দ্ৰটো উদ্বোধন কৰি কয় যে, পূৰ্বৰ জৰাজীৰ্ণ গৃহৰ পৰিৱৰ্তে এতিয়াৰে পৰা অত্যাধুনিক ৰূপত দেখিবলৈ পোৱা যাব অংগনৱাড়ী কেন্দ্ৰসমূহ ।সমগ্ৰ ৰাজ্য়তেই চৰকাৰে এনেধৰণৰ কাম আৰম্ভ কৰিছে । জলেশ্বৰত এনে দুটা অংগনৱাড়ী কেন্দ্ৰ চৰকাৰে আৱন্টন দিয়া বুলি বিধায়ক আফটাব উদ্দীন মোল্লাই কয় (MLA Aftab Uddin Mollah)।
এই অঞ্চলটোত প্ৰথমবাৰ বাবে অত্যাধুনিক ৰূপত দেখিবলৈ পোৱা গৈছে ফুলগাছা ইৰিগেছনপাৰা অংগনৱাড়ী কেন্দ্ৰটো (Phulgasa Irrigationpara Anganwadi Centre) । ২৫ লাখ টকা ব্যায়েৰে নিৰ্মাণ হোৱা ফুলগাছা আদৰ্শ অংগনৱাদী কেন্দ্ৰটোৰ নতুন ভৱনটো শুভ উদ্বোধন কৰে গোৱালপাৰা জিলা উপায়ুক্ত খনীন্দ্ৰ চৌধুৰী আৰু জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাব উদ্দিন মোল্লাই (DC of Goalpara)। উপায়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে কয় যে, শিশুসকলে যাতে জীৱনৰ আৰম্ভণিৰ সময়ছোৱা সুন্দৰ উপযুক্ত পৰিৱেসত কটাব পাৰে তাৰ বাবেই এনে আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰা হৈছে ।