গোৱালপাৰা , 4 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে এতিয়া উচ্চতম ন্যায়ালয়েহে সিদ্ধান্ত দিব পাৰিব ৷ আইন বিৰোধী আন্দোলন চলি আছে আৰু চলি থাকিব ৷ উচ্চতম ন্যায়ালয়ে যি মন্তব্য দিয়ে সেয়া আমি মানি ল’ম আৰু মানি ল’বলৈ আমি বাধ্য ৷ সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন তীব্ৰতৰ হৈ থকাৰ মাজতে এই মন্তব্য কৰিলে দুধনৈ সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই ৷ গোৱালপাৰাৰ খেৰোপাৰাত কৃষকৰ মাজত পাৱাৰ পাম্প আৰু ছলাৰ পাম্প বিতৰণ কৰিবলৈ গৈ নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে মন্তব্য কৰি কয় যে,এই নাগৰিকত্ব সংশোধনী আইনখনক লৈ মুঠেও সময় নষ্ট কৰাৰ পক্ষপাতী নহয় তেখেত ৷ সকলোৱে উচ্চতম ন্যায়ালয়ে দিয়া সিদ্ধান্তলৈ অপেক্ষা কৰা উচিত ৷ তাৰ পৰিৱৰ্তে ৰাজ্যৰ উন্নতি আৰু প্ৰগতিৰ ক্ষেত্ৰত বৰ্তমান সকলোৱে গুৰুত্ব দিয়া উচিত বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷ উল্লেখযোগ্য যে,কৃষি বিভাগৰ RIDF আঁচনিৰ অধীনত শনিবাৰে ১৫০ গৰাকী কৃষকক পাৱাৰ পাম্প আৰু ৩০ গৰাকীক ছ'লাৰ পাম্প বিতৰণ কৰে বিধায়ক দীপক কুমাৰ ৰাভাই ।
নাগৰিকত্ব সংশোধনী আইনক লৈ সময় নষ্ট কৰা উচিত নহয় - নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত দীপক কুমাৰ ৰাভআৰ মন্তব্য
নাগৰিকত্ব সংশোধনী আইনক লৈ সময় নষ্ট কৰাৰ পক্ষপাতী নহয় দুধনৈৰ বিধায়ক দীপক কুমাৰ ৰাভা ৷ সংশোধনী আইনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিব লগা ৰায়লৈ অপেক্ষা কৰা উচিত বুলি মন্তব্য কৰিলে বিধায়কজনে ৷
![নাগৰিকত্ব সংশোধনী আইনক লৈ সময় নষ্ট কৰা উচিত নহয় mla dipak kumar rava commented on caa](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5592667-thumbnail-3x2-dipak.jpg)
নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে উচ্চতম ন্যায়ালয়েহে কব পাৰিব
নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে উচ্চতম ন্যায়ালয়েহে কব পাৰিব