গোৱালপাৰা, 23 অক্টোবৰ :মিঞা সংগ্ৰহালয়কলৈ শাসক-বিৰোধীৰ বাকযুদ্ধ চলি থকাৰ মাজতে বিতৰ্কৰ অৱসান ঘটাই আজি অৰ্থাৎ দেওবাৰে অনুষ্ঠিকভাৱে উদ্বোধন কৰা হ’ল এটা মিঞা সংগ্ৰহালয় (Miya Museum inaugurated at Lakhipur) । বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে মিঞাসকলৰ অতীজৰে পৰা ব্যৱহাৰ কৰা সামগ্ৰীবোৰ কলাক্ষেত্ৰৰ সংগ্ৰহালয়ত ৰখাৰ বাবে দাবী কৰি বিতৰ্কৰ সৃষ্টি কৰি আহিছিল ।
অৱশেষত আজি এই বিতৰ্কৰ অৱসান ঘটাই মিঞা সংগঠনৰ একাংশ লোকে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মিঞা সংগ্ৰহালয় । অৱশ্যে কলাক্ষেত্ৰৰ পৰিৱৰ্তে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ডাপকাৰভিটাত স্থাপন কৰা হ’ল এই সংগ্ৰহালয়টো (Miya museum Establishment in Goalpara) ।
মিঞা পৰিষদৰ গোৱালপাৰা জিলাৰ সমিতিৰ উদ্যোগত মিঞা সংগ্ৰহালয় উদ্বোধন কৰে আহোম ৰয়েল চ’চাইটিৰ মুখ্য সাংগঠনিক সম্পাদক ধাদু মিঞাই । উদ্বোধনী ভাষণ প্ৰদান কৰে মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি মহৰ আলীয়ে । নকৈ উদ্বোধন কৰা মিঞা সংগ্ৰহালয়টোত আছে মিঞাসকলে অতীজৰে পৰা ব্যৱহাৰ কৰি অহা বিভিন্ন সামগ্ৰী ৷
ইয়াৰ ভিতৰত আছে মিঞাসকলে ব্যৱহাৰ কৰা ঢাল, গাছা, ডাৰি পাল্লা, নাহোৰ, নাঙল, বেকী দা ইত্যাদি ৷ উল্লেখ্য যে, গোৱালপাৰাত নকৈ উদ্বোধন কৰা মিঞা সংগ্ৰহালয়ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মিঞা জনগোষ্ঠীৰ কেইবা শতাধিক ৰাইজৰ লগতে মিঞা পৰিষদৰ বিষয়-ববীয়াসকল ।
লগতে পঢ়ক :Basistha Dev Sharma no more: বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ নশ্বৰদেহলৈ শ্ৰদ্ধাঞ্জলী