গোৱালপাৰা, 28 চেপ্তেম্বৰঃ পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰৰ ঐতিহ্যমণ্ডিত জয়ভূম কামাখ্যা দেবীৰ মন্দিৰত উপস্থিত হয় অসম চৰকাৰৰ নগৰ উন্নয়ন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা । জয়ভূম কামাখ্যা দেবীৰ নৱ নিৰ্মিত মন্দিৰৰ দ্বাৰ মুকলি কৰাৰ বাবে দেওবাৰে উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ মন্ত্ৰী উপস্থিত হোৱা পাচতে নাম প্ৰসঙ্গৰে আদৰি আনে মন্দিৰ পৰিচালনা সমিতিয়ে ।
গোৱালপাৰাৰ জয়ভূম কামাখ্যা দেবীৰ মন্দিৰত পীয়ুষ হাজৰিকা
বিশেষকৈ দূৰ্গা দেৱীৰ পূজাত এক প্ৰকাৰ হিন্দু মুছলমান সম্প্ৰদায়ৰ লোকৰ মিলনথলীত পৰিণত হয় মন্দিৰ প্ৰাংগন ৷ গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই জয়ভূম কামাখ্যা দেবীৰ মন্দিৰটো নৱ ৰূপত নিৰ্মাণ কৰি উলিয়াছে ৷
গোৱালপাৰাৰ জয়ভূম কামাখ্যা দেবীৰ মন্দিৰত পীয়ুষ হাজৰিকা
উল্লেখ্য যে, মুছলমান অধিকৃত অঞ্চলটোত মাত্ৰ এটা হিন্দু ধৰ্মৰ পৰিয়ালে চোৱা চিতা কৰি আহিছে মন্দিৰটো । এই ক্ষেত্ৰত সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াই আহিছে মুছলমান সম্প্ৰদায়ৰ লোক সকলে । বিশেষকৈ দূৰ্গা দেৱীৰ পূজাত এক প্ৰকাৰ হিন্দু-মুছলমান সম্প্ৰদায়ৰ লোকৰ মিলন থলীত পৰিণত হয় মন্দিৰ প্ৰাংগন গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই জয়ভূম কামাখ্যা দেবীৰ মন্দিৰটো নৱ ৰূপত নিৰ্মাণ কৰি উলিয়াই ৷