অসম

assam

ETV Bharat / state

তিনি গগৈয়ে নিজ সমষ্টিত নিৰ্বাচন খেলি জয়ী হৈ দেখুৱাওক- পীযুষ হাজৰীকা - লুৰীণজ্যোতি গগৈ

" মই চেলেঞ্জ কৰিছো যে নিজৰ সমষ্টিত নিৰ্বাচন খেলি জয়ী হৈ দেখুৱাওক ৷ অখিল গগৈ ডাঙৰীয়াই অহাবাৰ শিৱসাগৰতে খেলক, গৌৰৱ গগৈ ডাঙৰীয়াই অহাবাৰ কাজিৰঙাতেই খেলক, লুৰীণজ্যোতি গগৈৰতো সমষ্টিয়েই নাই, সেইবাবেই পূৰ্বতে য’ত হাৰিছিল তাতেই খেলক, এয়া মোৰ চেলেঞ্জ" - মন্ত্ৰী পীযুষ হাজৰীকা ৷

Minister Pijush Hazarika visits Goalpara
তিনি গগৈয়ে নিজ সমষ্টিত নিৰ্বাচন খেলি জয়ী হৈ দেখুৱাওক

By

Published : Jul 4, 2023, 8:57 PM IST

তিনি গগৈয়ে নিজ সমষ্টিত নিৰ্বাচন খেলি জয়ী হৈ দেখুৱাওক

গোৱালপাৰা, 4 জুলাই :"তিনি গগৈয়ে সমষ্টি সলনি কৰিবলৈ বিচাৰি ফুৰিছে ৷ তিনিওজনে পূৰ্বতে খেলা সমষ্টিৰপৰা এইবাৰ নিৰ্বাচন খেলিলে হৰাটো নিশ্চিত ৷ এই সন্মানীয় গগৈয়ে সমষ্টি সলাবলৈ এইবোৰ আবোল তাবোল বকিছে ৷ মই তেখেতলোকক চেলেঞ্জ কৰিছো যে নিজৰ সমষ্টিত নিৰ্বাচন খেলি জয়ী হৈ দেখুৱাওক ৷ অখিল গগৈ ডাঙৰীয়াই অহাবাৰ শিৱসাগৰতে খেলক, গৌৰৱ গগৈ ডাঙৰীয়াই অহাবাৰ কাজিৰঙাতেই খেলক, লুৰীণজ্যোতি গগৈৰটো সমষ্টিয়েই নাই, সেইবাবেই পূৰ্বতে য’ত হাৰিছিল তাতেই খেলক, এয়া মোৰ চেলেঞ্জ ৷" মঙলবাৰে গোৱালপাৰাত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ৷

লগতে মন্ত্ৰী হাজৰীকাই কয় যে, "অখিল গগৈয়ে যি যি অভিযোগ উত্থাপন কৰি আছে, তেওঁ আমাৰ লগত বহি যদি এটা এটাকৈ আলোচনা কৰে সমাধান হ’ব ৷ তেওঁ সংখ্যাবোৰ নাজানে, জানিলেও তেওঁ কেতিয়াবা ভুল পথেৰে বিচলিত কৰিব বিচাৰে ৷ কিবা কিবিকৈ ভুল পথেৰে বিচলিত কেনেবাকৈ নিৰ্বাচন জিকিব পাৰে নেকি তাৰ প্ৰচেষ্টা কৰে ৷ তেওঁৰ লগত আগতে কেইবাবাৰো মই আলোচনা কৰিবলৈ তেওঁক চেলেঞ্জ কৰিছো, তেওঁ তেতিয়া পীযুষ হাজৰিকা সৰু মানুহ, ৰাস্তাৰ গুণ্ডা বুলি কৈ ফালৰি কাটে ৷"

উল্লেখ্য যে, আজি গোৱালপাৰা চহৰৰ উপকণ্ঠ অঞ্চল বলদমাৰী চৰাঞ্চলৰ খহনীয়া এলেকা পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে বিভাগীয় আমোলা বিষয়া, দলীয় নেতা কৰ্মীৰ লগতে সাংবাদিকৰ সৈতে যন্ত্ৰচালিত নাৱেৰে পৰিদৰ্শন কৰে গৰাখহনীয়া অঞ্চলসমুহ ৷ ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, গোৱালপাৰা চহৰৰ পৰা 1 নং বলদমাৰী চৰৰ প্ৰায় এক কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া হোৱা অঞ্চলত কিছু পৰিমানে খহনীয়া প্ৰতিৰোধ কাম আৰম্ভ হৈছে যদিও ইয়াৰ ফলত গৰাখহনীয়া প্ৰতিৰোধ হোৱা নাই ৷

কিন্তু চলিত বৰ্ষৰ ডিচেম্বৰ মাহলৈকে ক্ষিপ্ৰতাৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰা হ’ব ৷ যিহেতু গোৱালপাৰা চহৰৰ পৰা বলদমাৰী চৰলৈ প্ৰায় এক কিলোমিটাৰ অঞ্চলত বেছিকৈখহনীয়া হৈ আছে যাৰ ফলত গোৱালপাৰা চহৰখনলৈও খহনীয়া হোৱাৰ আশংকা কৰা হৈছে ৷

গতিকে অতি কম দিনৰ ভিতৰতে এই সমূহ অঞ্চলত খহনীয়া প্ৰতিৰোধৰ কাম সোনকালে আৰম্ভ কৰা হ’ব আৰু অনাগত দিনত গোৱালপাৰা চহৰখনৰ লগতে বলদমাৰী চৰক ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ পৰ্যাপ্ত পৰিমাণে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক:Protest in Gohpur: গহপুৰত এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি প্ৰতিবাদ

ABOUT THE AUTHOR

...view details