অসম

assam

ETV Bharat / state

গোৱালপাৰাত খহনীয়া প্ৰতিৰোধৰ চেষ্টাৰে পাৰকুপাইন আঁচনি ! - minister keshab mahanta at goalpara

গোৱালপাৰা বলদমাৰী চৰত সোমবাৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই উদ্ধোধন কৰে ১০ কোটি টকাৰ পাৰকুপাইন আঁচনি । লগতে অঞ্চলটোৰ ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়া দৃশ্য পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে ।

পাৰকুপাইন আঁচনি
গোৱালপাৰাত খহনীয়া প্ৰতিৰোধৰ চেষ্টাৰে পাৰকুপাইন আঁচনি!

By

Published : Feb 3, 2020, 8:12 PM IST

গোৱালপাৰা, 3 ফেব্ৰুৱাৰীঃগোৱালপাৰা বলদমাৰী চৰত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টা । এই প্ৰচেষ্টাৰ লক্ষ্য হিচাপে সোমবাৰে পাৰকুপাইন আঁচনিৰ শুভ উদ্বোধন কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই । বিধায়ক পুঁজিৰ 10 কোটি টকাৰে গোৱালপাৰা পূৱবিধান সভা সমষ্টিৰ অন্তৰ্গত বলদমাৰী চৰত এই আঁচনি উদ্বোধন কৰি মন্ত্ৰী মহন্তই পৰ্যবেক্ষণ কৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ।

গোৱালপাৰাত খহনীয়া প্ৰতিৰোধৰ চেষ্টাৰে পাৰকুপাইন আঁচনি!

জিলাখনৰ গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়ক এ কে ৰাছিদ আলম আৰু জলেশ্বৰ বিধান সভা সমষ্টিৰ বিধায়ক সাহাবুদ্দিন আহমেদে দুয়োটা সমষ্টিৰ ৰাইজক ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ বাবে এই আঁচনি গ্ৰহণ কৰে । দুয়োটা সমষ্টিতে অনুৰূপ আঁচনি দুটা শুভ উদ্বোধন কৰি গোৱালপাৰাবাসী ৰাইজক ব্ৰহ্মপুত্ৰৰ পৰা সুৰক্ষা প্ৰদানৰ আশ্বাস দিয়ে মন্ত্ৰী কেশৱ মহন্তই ।

আৰু পঢ়কঃ "কা" বাতিলৰ দাবীত ডুমডুমা আৰু কামপুৰত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details