গোৱালপাৰা,৩১ অক্টোবৰ:গোৱালপাৰা জিলা আয়ুক্ত সভাকক্ষত জিলাখনৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ সংবাদমেল । গোৱালপাৰাৰ ৮১ খন গাঁও পঞ্চায়তত একোখনকৈ আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা মন্ত্ৰীগৰাকীৰ । প্ৰত্যেকজন খিলঞ্জীয়া ভূমিপুত্ৰক চৰকাৰে ভুমি প্ৰদান কৰাৰ আশ্বাস মন্ত্ৰী সিংহলৰ । ইফালে জংঘল বিনষ্ট কৰাসকলক সমাজৰ শত্ৰু আখ্যা দিলে মন্ত্ৰী অশোক সিংহলে ।
উল্লেখ্য যে এদিনীয়া ভ্ৰমণ কৰি এবছৰ ভিতৰত জিলা প্ৰশাসনৰ উদ্যোগত গোৱালপাৰা জিলাত বহুখিনি পৰিৱৰ্তন দেখিবলৈ পোৱা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । এবছৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে গোৱালপাৰালৈ অহাৰ সময়ত বহু স্কুলত ছাত্ৰীৰ বাবে সুকীয়াকৈ অনাময় ব্যৱস্থা নথকাটো পৰ্যবেক্ষণ কৰাৰ কথা উল্লেখ কৰে । আনহাতে বৰ্তমানো বহু বিদ্য়ালয়ত অনাময় ব্যৱস্থা নাই বুলি উল্লেখ কৰি অহা ১৫ ডিচেম্বৰত সমগ্ৰ জিলাখনৰ ভিতৰত যিমান চৰকাৰী বিদ্যালয় আছে সকলোতে ছাত্ৰ আৰু ছাত্ৰীৰ বাবে সুকীয়াকৈ অনাময় ব্যৱস্থাৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে ।
লগতে বিদ্যালয়সমূহত খোৱাপানীৰো ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰি ইতিমধ্যে বিভিন্ন বিদ্যালয়ত খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে । জিলাখনৰ ৮১ টা পঞ্চায়ত এলেকাত প্ৰতিটো পঞ্চায়তত এখনকৈ বিদ্যালয় আনটাইড ফাণ্ডৰ ধনেৰে মেৰামতি কৰা হ'ব বুলি তেওঁ সদৰী কৰে । মেৰামতি কৰা বিদ্য়ালয়সমূহক আদৰ্শ বিদ্যালয় হিচাপে নিৰ্মাণ কৰা হ'ব ।
একেদৰে ২০ জানুৱাৰীৰ ভিতৰত জিলাখনত নতুনকৈ নিৰ্মাণ কৰা ৩০খন অংগনবাড়ী কেন্দ্ৰ উন্মোচন কৰা হ'ব বুলি ঘোষণা কৰে গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে । মঙলবাৰে পুৱা এক চৰকাৰী কাৰ্যসূচী লৈ গোৱালপাৰাত পদাৰ্পন কৰা মন্ত্ৰী অশোক সিংহলে বিভিন্ন বিভাগৰ কাম-কাজৰ বুজ লৈ বিয়লি প্ৰায় চাৰি বজাত জিলা আয়ুক্ত কাৰ্যালয়ত জিলাখনৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি এখনি সংবাদমেলৰ আয়োজন কৰে ।
সংবাদমেলখনত তেওঁ কয়- 'জিলাখনৰ কৃষকক কেনেকৈ উপকাৰ কৰিব পৰা যায় তাৰ বাবে জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰকে ধৰি জিলাৰ উচ্চপদস্থ বিষয়াসকলৰ লগত এক আলোচনাত তেওঁ মিলিত হয় । জিলাখনৰ গ্ৰাম্য অঞ্চলৰ নদ-নদীকে ধৰি সৰু সৰু জান-জুৰিসমূহক কম খৰচত কেনেকৈ কৃষি কৰ্মত ব্যৱহাৰ কৰিব পাৰি তাৰ চিন্তা চৰ্চা কৰা হৈছে।'
তেওঁ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত পঞ্চায়ত প্ৰতিনিধিকে ধৰি শিক্ষা, স্বাস্থ্য,সমাজ কল্যান,পি এন আৰ ডি,লোকনিৰ্মাণ আদি বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যবেক্ষণ কৰাৰ বাবে বিষয়া-কৰ্মচাৰীসকলৰ সৈতে আলোচনাত মিলিত হৈ জিলাখনৰ সামগ্ৰীক উন্নয়নৰ বুজ লোৱাত এবছৰৰ ভিতৰত জিলাখনৰ উন্নয়ন হোৱা বুলি তেওঁ উল্লেখ কৰে । স্বাস্থ্য খণ্ডত জিলাখনৰ শিশু আৰু মাতৃৰ মৃত্যুৰ হাৰ কম কৰাৰ বাবে যথেষ্ট অৱকাশ থকাৰ কথা উনুকিয়াই কয় যে ছেল্ফ হেল্পৰ গ্ৰুপৰ জৰিয়তে ইয়াৰ সজাগতা সৃষ্টি কৰা হ'ব ।
এই সংক্ৰান্তত তেওঁ কয় যে, 'সমাজ কল্যান বিভাগৰ কেইবাটাও আঁচনি আছে,যাৰ জৰিয়তে পুষ্টিকৰ আহাৰৰ বাবে প্ৰতিগৰাকী মাতৃক ১২ হেজাৰ টকাকৈ চৰকাৰৰ পৰা দিয়া হয় । এই ধন সন্তান সম্ভাৱনা মাতৃক দিয়া হয়, যাতে প্ৰসৱৰ সময়ত মাতৃৰ স্বাস্থ্য ভালে থাকে । স্বাস্থ্য ভালে থাকিলে প্ৰসৱকালত মাতৃৰ মৃত্যুৰ হাৰ কম হোৱা লগতে দুৰ্বল সন্তান জন্ম নহয় । প্ৰসূতি মাতৃ আৰু নৱজাত শিশুৰ যাতে মৃত্যু নহয় তাক প্ৰত্যাহ্বান হিচাপে লোৱা হৈছে । স্বাস্থ্য,সমাজ কল্যাণ আৰু পঞ্চায়তীৰাজ ব্যৱস্থাক লৈ ব্যাপক সজাগতা চলোৱা হ'ব । ১৫ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ এই কাৰ্যক্ৰম চলোৱা হ'ব । এই কাৰ্যক্ৰমৰ নাম দিয়া হ'ব 'স্বাস্থ্য মাতৃ সুৰক্ষিত সন্তান'। এই কাৰ্যক্ৰমত ছেলফ হেল্প গ্ৰুপ,অংগণবাড়ী কৰ্মী, আশাকৰ্মী আদি সকলোকে ইয়াত জড়িত কৰা হ'ব । এই কাৰ্যক্ৰম কেৱল গোৱালপাৰা জিলাতে লোৱা হৈছে ।'