নিউজ ডেস্ক, 30 অক্টোবৰ : দেওবাৰে আনুষ্ঠানিকভাৱে গোৱালপাৰাত শুভাৰম্ভ কৰা হ’ল অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি, ২০২১’(Micro-Finance Incentive and Relief Scheme)৷ ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে গোৱালপাৰা মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজ্য চৰকাৰৰ বিত্ত বিভাগ আৰু গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত শুভাৰম্ভ কৰে আঁচনিখন (AMFIRS Check Distribution in Goalpara)৷
উল্লেখ্য যে, গোৱালপাৰা জিলাত আঁচনিখনৰ দ্বিতীয় শ্ৰেণীৰ যোগ্যতাসম্পন্ন হিতাধিকাৰীৰ সংখ্যা হৈছে ৪৬৩৮ গৰাকী ৷ তাৰে ৪৫৫৩ গৰাকী হিতাধিকাৰীয়ে চেকযোগে সাহায্য লাভ কৰিব ৷ জিলাখনৰ হিতধিকাৰীসকলৰ বাবে এই পৰ্যায়ত উদগণিমূলক ধনৰাশি হিচাপে ৭,৭৪,০৪,১৮৭ টকা আৰু বিলম্বিত ধনৰাশি হিচাপে ১,৫৩,৯৬,০১৫ টকা ব্যয় কৰা হ’ব ৷
দেওবাৰৰ উক্ত কেন্দ্ৰীয় অনুষ্ঠানটোত মন্ত্ৰী সিংহলে(Minister Ashok Singhal) ১১ গৰাকী হিতাধিকাৰীক এই সাহায্যৰ প্ৰতীকী চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰাৰ লগতে মুঠ ১১০০ গৰাকী হিতাধিকাৰীলৈ এই উদগনিৰ চেক সভাস্থলীত স্থাপন কৰা বিভিন্ন কাউণ্টাৰৰ জৰিয়তে প্ৰদান কৰা হয়৷ বাকী থকা হিতাধিকাৰীসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয় অথবা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে অহা ১০ নৱেম্বৰৰ পূৰ্বে তেওঁলোকৰ চেকসমূহ লাভ কৰিব৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান বা ঋণ প্ৰদানকাৰী সংস্থাসমূহৰ দ্বাৰা সুদ আৰু ঋণ আদায়ৰ হাৰাশাস্তিৰ পৰা আমাৰ অৰ্থনৈতিকভাৱে দুৰ্বল বাই-ভনী আৰু আইমাতৃসকলক সুৰক্ষা তথা সকাহ প্ৰদান কৰাটো বৰ্তমানৰ চৰকাৰখনৰ এক প্ৰাক্ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল ৷
এই প্ৰতিশ্ৰুতি ৰক্ষা কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ১১ মে’, ২০২১ তাৰিখে অনুষ্ঠিত হোৱা ইয়াৰ প্ৰথমখন কেবিনেট বৈঠকতে ৰাজ্যখনৰ মাইক্ৰ’ফাইনেঞ্চ খণ্ডৰ ঋণীসকলে সন্মুখীন হোৱা অসুবিধাৰ অধ্যয়ন কৰি উপযুক্ত পৰামৰ্শ আগবঢ়াবলৈ এখন সমিতি গঠন কৰি দিছিল ৷
বহুবোৰ দিশ চালি-জাৰি চোৱাৰ পাছত মন্ত্ৰী অশোক সিংহল নেতৃত্বাধীন এই সমিতিয়ে আগবঢ়োৱা পৰামৰ্শৰ ভিত্তিতে ‘অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি, ২০২১’ হাতত লোৱা হয় ৷ এই অভিলাষী আঁচনি প্ৰণয়নৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয় যে সমগ্ৰ দেশৰ ভিতৰতে এনে পদক্ষেপ গ্ৰহণ কৰা আৰু মাইক্ৰ’ফাইনেন্স খণ্ডৰ বাবে নিৰ্দিষ্ট আঁচনি থকা অসমেই প্ৰথমখন ৰাজ্য হোৱাৰ লগতে ঋণীসকলক তৎকালীনভাৱে ধন পৰিশোধৰ বাবে উদগনি দিয়াৰ ক্ষেত্ৰতো আমাৰ ৰাজ্যখন দেশৰ ভিতৰতে প্ৰথম হিচাপে পৰিগণিত হৈছে ৷
নিয়মীয়াকৈ ঋণ পৰিশোধ কৰাৰ লগতে ঋণ অনুশাসন বজাই ৰাখিবলৈ ঋণীসকলক উদগনি দিয়া আৰু মানসিক চাপত থকা ঋণীসকলক সকাহ প্ৰদান কৰি ঋণ পৰিশোধ নিয়মীয়া কৰিবলৈ উৎসাহিত কৰা তথা সাহায্য প্ৰদান কৰাই এই অভিলাষী আঁচনিৰ মূল উদ্দেশ্য বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ঋণ পৰিশোধ কৰাৰ ক্ষমতা নথকা দৰিদ্ৰ ঋণীসকলক ঋণ পৰিশোধ কৰাৰ পৰা আংশিক বা সম্পূৰ্ণভাৱে সকাহ প্ৰদান কৰাও আছিল আঁচনিখনৰ আন এক প্ৰধান লক্ষ্য ৷