গোৱালপাৰা/ধুবুৰী, 14 জুন:নিজৰ অধিকাৰ প্ৰাপ্তিৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে(Mid day meal workers protest in Assam) ৷ গোৱালপাৰাত নিজৰ প্ৰাপ্য বিচাৰি মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ সাব্যস্ত (Mid day meal workers protest in Goalpara) । বকেয়া ধন আদায় আৰু মাননীৰ বৃদ্ধিৰ দাবীত মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ।
জিলাখনৰ কেইবা শতাধিক ৰন্ধনকৰ্মীয়ে সোমবাৰে গোৱালপাৰা চহৰৰ মাজমজিয়াত এক প্ৰতিবাদ সমদল বাহিৰ কৰে ৷ তিনি দফীয়া দাবীৰে জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত ধৰ্ণাত বহে ভুক্তভোগী কৰ্মচাৰীসকল ৷ লগতে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।
মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগত সংস্থালৈ হস্তান্তৰৰ সিদ্ধান্ত বাতিল কৰক, বকেয়া মাননী অতিশীঘ্ৰে আদায় দিয়ক, কামৰ নিৰাপত্তা, পেঞ্চন, চিকিৎসা আদি সুৰক্ষা ব্যৱস্থা গ্ৰহণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে ৷ যদি শীঘ্ৰেই এই দাবীসমূহ চৰকাৰে মানি ন'লয় তেন্তে অনাগত দিনত জংগী আন্দোলন কৰাৰো হুংকাৰ প্ৰদান কৰে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে ৷