গোৱালপাৰা, 1 ফেব্ৰুৱাৰী : সোমবাৰে গোৱালপাৰা চহৰৰ মাজমজিয়াত 'সদৌ অসম ছাত্ৰ সন্থা'ৰ আহ্বান মৰ্মে গোৱালপাৰা জিলা ছাত্ৰ সন্থাই গোৱালপাৰা মহাবিদ্যালয় গেটৰ সন্মুখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
গোৱালপাৰাত আছুৰ প্ৰতিবাদ
গোৱালপাৰাত আছুৰ প্ৰতিবাদ ৷ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷
উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী বাহিনীয়ে আছুকৰ্মীক অত্যাচাৰ কৰাৰ প্ৰতিবাদত সোমবাৰে সমগ্র ৰাজ্যৰ লগতে গোৱালপাৰাতো আছুৱে মুখ্যমন্ত্রীৰ পুত্তলিকা দাহ কৰে । বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি আছুৱে তেওঁলোকৰ ওপৰত কৰা অত্যাচাৰৰ প্ৰত্যুত্তৰ 2021 চনৰ বিধানসভা নিৰ্বাচনত দিব বুলি সকীয়াই দিয়ে গোৱালপাৰা জিলাৰ ছাত্ৰ সন্থাৰ সম্পাদক বেদান্ত কাশ্যপে ।
লগতে পঢ়ক :আমগুৰিত ৰাজহুৱা প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন