অসম

assam

ETV Bharat / state

গোৱালপাৰাত বিধ্বংসী অগ্নিকাণ্ড - অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় 4 খনকৈ দোকানৰ প্ৰায় 10 লক্ষাধিক টকাৰ সামগ্ৰী

সোমবাৰে গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ ফকীৰগঞ্জ থানাৰ অন্তৰ্গত, মেদেৰটাৰি বজাৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় 4 খনকৈ দোকানৰ প্ৰায় 10 লক্ষাধিক টকাৰ সামগ্ৰী ।

massive fire in golapara
massive fire in golapara

By

Published : May 4, 2020, 8:29 PM IST

গোৱালপাৰা, 4 মে': 39 নং জলেশ্বৰ সমষ্টিৰ মেদৰটাৰী বজাৰত সংঘটিত বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত চাৰিখনকৈ দোকান ভস্মীভূত হোৱাৰ লগতে, জুইত জাহ যায় প্ৰায় ১০ লক্ষাধিক টকাৰ সামগ্ৰী ।

গোৱালপাৰাত বিধ্বংসী অগ্নিকাণ্ড

গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ ফকীৰগঞ্জ থানাৰ অন্তৰ্গত, মেদেৰটাৰি বজাৰত সংঘটিত এই অগ্নিকাণ্ডৰ বিষয়ে অগ্নি নিৰ্বাপক বাহিনীৰ লোকক যোগাযোগ কৰিও কোনো সঁহাৰি নোপোৱাত, স্থানীয় ৰাইজৰ প্ৰচেষ্টাতে জুই নুমোৱাবলৈ সক্ষম হয় । উল্লেখ্য যে, স্থানীয় ৰাইজ তথা দোকানৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়া অনুসৰি, শ্বৰ্ট ছাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত জুই এখন দোকানৰ পৰা আনখন দোকানলৈ বিয়পি বিস্তৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃচিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু বনবিভাগে উদ্ধাৰ কৰা হৰিণৰ

ABOUT THE AUTHOR

...view details