গোৱালপাৰা, 22 ফেব্ৰুৱাৰী : গোৱালপাৰাৰ জলেশ্বৰত অঘটন ৷ মঙলবাৰে গোৱালপাৰাৰ জলেশ্বৰত সংঘটিত হয় একভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Goalpara fire incident) । অগ্নিকাণ্ডত চাৰিটাকৈ বাসগৃহ সম্পূৰ্ণ ৰূপে ভস্মীভূত হোৱাৰ লগতে জুইত জাহ যায় প্ৰায় ৭ লাখ টকাৰ সা-সম্পত্তি ।
প্ৰাপ্ত তথ্য অনুসৰি, গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত ভালুকমাৰী গাঁৱত মঙলবাৰে দুপুৰীয়া ছামাদ আলী আৰু আনোৱাৰ হোছেইন নামৰ দুজন লোকৰ বাসগৃহত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো । জুইৰ লেলিহান শিখাত নিমিষতে ভস্মীভূত হয় চাৰিটাকৈ বাসগৃহ । জানিব পৰা মতে, অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সা-সম্পত্তিৰ লগতে জুইত জাহ যায় বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু নগদ ধনো ৷