গোৱালপাৰা, 19 নৱেম্বৰ :গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড । চিকিৎসালয়খনৰ শিশুৰ যতন কক্ষত সংগঠিত হয় এই অগ্নিকাণ্ড । উল্লেখ্য যে, পুৱাৰ ভাগত হঠাৎ শিশু যতন কক্ষৰ পৰা ধোঁৱা ওলাবলৈ ধৰাত শিশুৰ অভিভাৱক সকলে লগে লগে চিঞৰ-বাখৰ কৰাত এক হুলস্থলীয়া পৰিবেশৰ সৃষ্টি হয় ।
লগে লগে চিকিৎসক সকলে উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয় । কথমপি প্ৰাণ ৰক্ষা পৰে চিকিৎসালয়খনৰ শিশু যতন কক্ষত চিকিৎসাধীন থকা ১৪ টা শিশুৰ । শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি চিকিৎসালয়খনৰ কৰ্তপক্ষৰ লগতে গোৱালপাৰা প্ৰশাসনে কৰিছে সন্দেহ ৷