অসম

assam

Illegal sawmills busted: গোৱালপাৰাত কাঠৰ কুণ্ডাসহ কাঠফলা মেচিন জব্দ

গোৱালপাৰাত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান ৷ বৃহৎ পৰিমানৰ কাঠক কুণ্ডা জব্দ কৰাৰ লগতে দুটাকৈ কাঠৰ মেচিন জব্দ বন বিভাগৰ (Massive crackdown on illegal saw mills in Goalpara District) ৷

By

Published : Jan 28, 2022, 4:40 PM IST

Published : Jan 28, 2022, 4:40 PM IST

illegal-timber-mills-and-timber-seized-in-goalpara
গোৱালপাৰাত কাঠৰ কুণ্ডাসহ কাঠফলা মিল জব্দ

গোৱালপাৰা, 28 জানুৱাৰী :কাঠৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে গোৱালপাৰাত বন বিভাগৰ অভিযান ৷ অভিযানত জব্দ হ'ল দুটাকৈ কাঠ ফলা মেচিনৰ লগতে প্ৰায় 3 লাখৰো অধিক মূল্যৰ অবৈধ কাঠ (Massive crackdown on illegal saw mills in Goalpara District) ৷ বন বিষয়া আৰু ফৰেষ্টাৰ দেবেন বৈশ্যৰ নেতৃত্বত যোৱা বন বিভাগৰ দলটোৱে জিলাখনৰ খৰমুজা আৰু গৰৈমাৰী-উলুপাৰা অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা জব্দ কৰে(Illegal sawmills busted at Goalpara)।

গোৱালপাৰাত কাঠৰ কুণ্ডাসহ কাঠফলা মিল জব্দ

উল্লেখ্য যে, বৃহস্পতিবাৰে গোৱালপাৰা আঞ্চলিক বন বিষয়া জগন্নাথ আগৰৱালাৰ নেতৃত্বত বন বিভাগৰ এটা দলে অভিযান চলাই বুজন পৰিমানৰ কাঠৰ কুণ্ডাৰ লগতে দুটাকৈ কাঠফলা মিল উৎখাত কৰিবলৈ সক্ষম হয় ৷

গোৱালপাৰাত কাঠৰ কুণ্ডাসহ কাঠফলা মিল জব্দ

অভিযানৰ নেতৃত্ব দিয়া জগন্নাথ আগৰৱালাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, মিল দুটাৰ পৰা বহু পৰিমাণৰ শাল কাঠৰ কুণ্ডাও জব্দ কৰিবলৈ সক্ষম হয় আৰু জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ৭০ হেজাৰ টকা ৷ অৱশ্যে কাঠফলা মিল দুটাৰ মালিক সম্প্ৰতি পলাতক অৱস্থাত আছে বুলি আগৰৱালাই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :মানিকপুৰৰ অবৈধ কাঠৰ মিলত বন বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details