অসম

assam

ETV Bharat / state

Elephant menace continues : গোৱালপাৰাত পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ

শুকুৰবাৰে গোৱালপাৰা জিলাৰ চৈৰাবাৰীৰত হাতীৰ আক্ৰমণত নিহত হোৱা লুপেন্দ্ৰ ৰাভাৰ মৃতদেহ উদ্ধাৰৰ ঘটনা মাৰ নৌযাওঁতেই পুনৰ হাতীৰ আক্ৰমণত নিহত আন এজন লোক (Man Elephant conflict in Goalpara) ৷ সবিশেষ জানো আহক ৷

again-one-person-died-in-elephant-attack-at-goalpara
গোৱালপাৰাত পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ

By

Published : Jan 30, 2022, 3:08 PM IST

Updated : Jan 30, 2022, 6:58 PM IST

গোৱালপাৰা, 30 জানুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তত দৈনিক সংঘটিত হৈ আহিছে বন্যহস্তীৰ ত্ৰাসৰ ঘটনা । জনাঞ্চললৈ বন্যহস্তীৰ আগমন তথা পথাৰৰ শষ্য নষ্ট কৰাৰ লগতে ঘৰ বাৰী ভাঙি চলোৱা তাণ্ডৱত বাৰুকৈয়ে বিপাঙত পৰি আহিছে ৰাইজ৷ সম্প্ৰতি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হস্তীৰ ত্ৰাসত প্ৰায়ে উজাগৰী নিশা কটাবলগীয়া হৈছে গোৱালপাৰাবাসীয়ে ৷

সম্প্ৰতি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হস্তীৰ ত্ৰাসত প্ৰায়ে উজাগৰী নিশা কটাবলগীয়া হৈছে গোৱালপাৰাবাসীয়ে ৷ বিগত কিছু দিনৰ পৰা লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনস্থ বিভিন্ন এলেকাত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে চলাই আহিছে উপদ্ৰৱ(Elephant menace continues at Goalpara) ।

হাতী মানুহৰ এই সংঘাতত (Man Elephant conflict in Goalpara) শুকুৰবাৰে নিশা লক্ষীপুৰৰ চৈৰাবাৰীত এজন লোক হাতীৰ আক্ৰমণত নিহত হোৱাৰ পিছত পুনৰ সেই একেই স্থানত বন্যহস্তীৰ আক্ৰমণত নিহত হ'ল আন এজন লোক ৷

উল্লেখ্য যে, গোপালপুৰৰ বাসিন্দা কহিনুৰ ইছলাম নামৰ লোকজনে শৌচালয় যোৱাৰ সময়তে অকলশৰীয়া এটা বনৰীয়া হাতীয়ে কহিনুৰ ইছলামক আগছি ধৰি ভৰিৰে গচকী প্ৰাণ কাঢ়ি নিয়ে৷ এই ঘটনাৰ পিচত স্থানীয় ৰাইজে বনবিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ কহিনুৰ ইছলামৰ মৃত্যুদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । উল্লেখ যে গোৱালপাৰা আঞ্চলিক বনবিভাগৰ অধীনস্থ বিভিন্ন প্ৰান্তত অব্যাহত আছে বনৰীয়া হাতীৰ মুক্ত বিচৰণ যাৰ ফলত এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ৷

উল্লেখ্য যে, হাতী মানুহৰ এই সংঘাতত শুকুৰবাৰে নিশা লক্ষীপুৰৰ চৈৰাবাৰীত লুপেন্দ্ৰ ৰাভা নামৰ এজন ব্যক্তি হাতীৰ আক্ৰমণত নিহত হয় । জানিব পৰা মতে লোকজনে শুক্ৰবাৰে গৰু বিচাৰি ঘৰৰ পৰা কাষৰে এখন হাবিলৈ ওলাই গৈছিল । গৰু বিচাৰি যোৱা লোকজনে হঠাৎ হাতীৰ মুখামুখি হোৱাত পলাবলৈ চেষ্টা কৰে যদিও হাতীয়ে আগভেটি ধৰি লোকজনক ভৰিৰে গচকী প্ৰাণকাঢ়ি নিয়ে (Goalpara man died in Elephant attack) ।

ইফালে দীৰ্ঘদিন ধৰি মেঘালয়ৰ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত অহা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে জিলাখনৰ লক্ষীপুৰ আঞ্চলিক বনবিভাগৰ অধীনস্থ বিভিন্ন এলেকাত ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও বনবিভাগে কোনোধৰণৰ স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰাত দিনকদিনে হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

লগতে পঢ়ক :Elephant menace continues in Goalpara : গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ

Last Updated : Jan 30, 2022, 6:58 PM IST

ABOUT THE AUTHOR

...view details