গোৱালপাৰা, 18 নৱেম্বৰ :গোৱালপাৰা জিলাত তীব্ৰতৰ হৈ পৰিছে হাতী মানুহৰ সংঘাত । হাতীৰ আক্ৰমণত পুনৰ এগৰাকী লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হৈছে । তথ্য অনুসৰি, গোৱালপাৰা জিলাৰ ৰংজুলি আঞ্চলিক বন বিভাগৰ অধীনস্থ আৰু মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত দহিকতা পোহলানপাৰাত আজি অৰ্থাৎ শনিবাৰে কাহিলিপুৱাতে এটা বনৰীয়া হাতীৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটি লয় নৰেশ্বৰ ৰাভা নামৰ এগৰাকী বৃদ্ধয়ে ।
জানিব পৰা মতে, নিহত নৰেশ্বৰ ৰাভা এগৰাকী প্ৰাক্তন সৈনিক আছিল । আজি পুৱাৰ ভাগত নৰেশ্বৰ ৰাভাই ৰবৰ কাটিবৰ বাবে নিজৰ ৰবৰ বাগানৰ অভিমুখে চাইকেলেৰে গৈ আছিল । তেনেতে ৰাস্তাৰে গৈ থাকোঁতে অকলশৰীয়া এটা বনৰীয়া হাতীয়ে অতৰ্কিতে আক্ৰমণ কৰে নৰেশ্বৰ ৰাভাক ৷ ফলত থিতাতে কৰুণ মৃত্যুক সাৱটি লয় নৰেশ্বৰ ৰাভাই ।
পৰৱৰ্তী পৰ্য়ায়ত স্থানীয় ৰাইজে মাজ ৰাস্তাতে নৰেশ্বৰ ৰাভাৰ মৃতদেহ প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকক অৱগত কৰে ৷ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত নিহত নৰেশ্বৰ ৰাভাৰ পৰিয়ালৰ লোকৰ লগতে বন বিভাগ আৰু মৰনৈ আৰক্ষীৰ লোক উপস্থিত হয় ৷