গোৱালপাৰা,১৭ আগষ্ট :শিক্ষকসকলে সমাজত এক বিশেষ স্থান লাভ কৰে । ৰাইজে শিক্ষক সমাজক সন্মান আৰু শ্ৰদ্ধা কৰে । কিন্তু একাংশ শিক্ষকে কেতিয়াবা সমগ্ৰ শিক্ষক সমাজকে কলঙ্কিত কৰা দেখা যায় । তেনে এক লম্পট শিক্ষকৰ কৰ্মকাণ্ড দেখি এতিয়া আচৰিত হৈছে গোৱালপাৰাৰ ৰাইজ ।
শিক্ষকগৰাকীৰ নাম আব্দুল জলিল । ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ চিৰাকুটি ছিনিয়ৰ মাদ্ৰাছাৰ শিক্ষক আব্দুল জলিল । গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ আব্দুল জলিলে নিজৰে পৰিয়ালক হত্যাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উঠিছে (Madrasa teacher assaults his family in Goalpara)। পত্নীৰ লগতে পৰিয়ালৰ লোকে অভিযোগ কৰা মতে তেওঁলোকক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰি আহিছে আব্দুলে ।
কেৱল এয়াই নহয় গুণ্ডা বাহিনীৰ জৰিয়তে পত্নীসহ সন্তানক ঘৰৰ পৰা উচ্ছেদ কৰাৰো ভাবুকি দিছে আব্দুল জলিলে । অভিযোগ অনুসৰি নিজৰ পত্নী আৰু পাঁচটা সন্তান থকাৰ পিছতো চাৰি বছৰ পূৰ্বে আন এগৰাকী মহিলাক পলুৱাই আনি দ্বিতীয় বিবাহপাশত আবদ্ধ হৈছিল শিক্ষক আব্দুল জলিল । তাৰ পিছৰে জলিলে প্ৰথমা পত্নী আৰু সন্তানৰ ওপৰত আৰম্ভ কৰিছে অমানুষিক অত্যাচাৰ ।