অসম

assam

কৃষকলৈ সাহাৰ্য বিচাৰি আৱেদন বিধায়কৰ

By

Published : May 11, 2020, 9:50 PM IST

এফালে লকডাউন আনফালে প্ৰাকৃতিক দুৰ্যোগৰ বাবে বিঘাই বিঘাই নষ্ট হৈছে কৃষিভূমিৰ লগতে শাক-পাচলি । যাৰ বাবে সংকটত পৰিছে কৃষকসমাজ । সেয়হে স্থানীয় বিধায়ক চাহাবুদ্দিন আহামেদে নষ্ট হোৱা খেতি পথাৰ পৰ্যবেক্ষণ কৰি অসম চৰকাৰক কৃষকসকলৰ বাবে সাহাৰ্য আগবঢ়োৱাৰ বাবে আবেদন জনায় ।

গোৱালপাৰা
গোৱালপাৰাত কৃষকক সাহাৰ্য আগবঢ়োৱাৰ বাবে আৱেদন বিধায়কৰ

গোৱালপাৰা, ১১ মে': অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত চলি আছে তৃতীয় পৰ্যায়ৰ লকডাউন । লকডাউনৰ বাবে অসমৰ বিভিন্ন এলেকাৰ কৃষকৰ অৱস্থা বৰ্ত্তমান সংকটত । তেনে অৱস্থাত গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বগুৱান আমবাৰি ,জলেশ্বৰ, ৰজমিতা কাটাৰীহাৰা অঞ্চলৰ কৃষকৰ লগতে জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত মেদোৰটাৰী, চিৰাকুটী, জামাদাৰহাট, অঞ্চলৰ কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।

গোৱালপাৰাত কৃষকক সাহাৰ্য আগবঢ়োৱাৰ বাবে আৱেদন বিধায়কৰ

বিঘাই বিঘাই লকডাউনৰ ফলত এই সকল কৃষকৰ উৎপাদিত ফচল বেঙেনা, জিকা,ভেণ্ডী ,কোমোৰা,লাউকে আদি কৰি বিভিন্ন শাক-পাচলি বজাৰত বিক্ৰী কৰিব নোৱাৰি পথাৰতেই গেলি-পোচি যাবলগীয়া হৈছে । আনফালে প্ৰাকৃতিক দুৰ্যোগৰ ধুমুহা আৰু শীলাবৃষ্টিৰ ফলত ক্ষতি সাধন হোৱা ইৰীধান ,চাইনিজ ধান , বড়োধান, মৰাপাট আদিৰ বাবে ক্ষতিগ্ৰস্থ কৃষক সকলো এতিয়া ক্ষতিগ্ৰস্থ ।

গোৱালপাৰাত কৃষকক সাহাৰ্য আগবঢ়োৱাৰ বাবে আৱেদন বিধায়কৰ

এনে অৱস্থাত কৃষকৰ লগতে স্থানীয় বিধায়ক চাহাবুদ্দিন আহামেদে নষ্ট হোৱা খেতি পথাৰ পৰ্যবেক্ষণ কৰি অসম চৰকাৰক কৃষকসকলৰ বাবে সাহাৰ্য আগবঢ়োৱাৰ বাবে আবেদন জনায় ।

গোৱালপাৰাত কৃষকক সাহাৰ্য আগবঢ়োৱাৰ বাবে আৱেদন বিধায়কৰ

ABOUT THE AUTHOR

...view details