গোৱালপাৰা,১৫ নৱেম্বৰ :প্ৰতিগৰাকী মানুহৰে জীৱনত সংগ্ৰাম থাকে । জীৱন সংগ্ৰামৰ যুঁজত সকলোৱে অৱতীৰ্ণ হ'বলগীয়া হয় । কিন্তু একাংশ লোকৰ পৰিশ্ৰম আৰু জীৱন সংগ্ৰামে বিভিন্নজনক আকৰ্ষণ কৰে । এইবাৰ গোৱালপাৰাৰ এগৰাকী মহিলাৰ জীৱন সংগ্ৰামে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে (Woman life struggle)।
গোৱালপাৰা চহৰৰ পৰা ৫ কিলোমিটাৰ নিলগত থকা ৰাক্ষসনি গাঁৱৰ এগৰাকী ৪২ বছৰীয়া মহিলাৰ জীৱন সংগ্ৰামৰ কাহিনী শুনিলে হয়তো আপোনাৰ চকুলো নিগৰিব । মহিলাগৰাকীৰ দুচকুত আছে অলেখ সপোন, বুকুত আছে অদম্য মনোবল । কিন্তু বিগত প্ৰায় ১৫ বছৰ ধৰি এটা ভগা পঁজাত ৪ সন্তানৰ সৈতে দিন কটাইছে মহিলাগৰাকীয়ে ।
এটা চিলাই মেচিনেৰে বেগ প্ৰস্তুত কৰি বজাৰত সেইবোৰ বিক্ৰী কৰি পোৱা ধনেৰে পৰিয়ালটো চলি আছে (Woman deprived of govt aid)। নিজৰ চিলাই মেচিন নাই সেয়ে প্ৰতি মাহে ১০০০ টকা ভাড়া দি চিলাই মেচিনটোৰে কাম কৰিছে মহিলাগৰাকীয়ে । আনহাতে বৰষুণ দিলেই জৰাজীৰ্ণ জুপুৰীটোত থকাৰ পৰিৱেশ নাথাকে । জীৱন সংগ্ৰাম চলাই অহা গোৱালপাৰাৰ মহিলাগৰাকী হৈছে মনোৱাৰা খাতুন ।