অসম

assam

ETV Bharat / state

সংকটত এছিয়াৰ বৃহত্তম কলৰ বজাৰখন - গোৱালপাৰা জিলা

এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ দৰংগিৰীত এতিয়া নিমাও মাও পৰিৱেশ ৷ লকডাউনৰ এই সময়ছোৱাত বাৰুকৈয়ে প্ৰভাৱ পৰিছে গোৱালপাৰা জিলাত থকা এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰখনতো ৷ দৰংগিৰীৰ কলৰ বজাৰত কলৰ খেতিয়কৰ পৰা আৰম্ভ কৰি ব্যৱসায়ী লৈকে সকলোৰে মাজত হাহাকাৰ পৰিস্থিতি ৷

সংকটত এছিয়াৰ বৃহত্তম কলৰ বজাৰখন
সংকটত এছিয়াৰ বৃহত্তম কলৰ বজাৰখন

By

Published : Apr 27, 2020, 9:06 PM IST

গোৱালপাৰা, 27 এপ্ৰিলঃলক ডাউনে প্ৰভাৱ পেলাইছে গোৱালপাৰা জিলাত থকা এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ দৰংগিৰীত ৷ দৰংগিৰীৰ কলৰ বজাৰত কলৰ খেতিয়কৰ পৰা আৰম্ভ কৰি ব্যৱসায়ী লৈকে সকলোৰে মাজত হাহাকাৰ পৰিস্থিতি ৷ লক ডাউনৰ বাবে বজাৰ বন্ধ হৈ থকাৰ ফলত পথাৰতে নষ্ট হৈছে কল ৷ জিলাখনত থকা প্ৰায় ৩ হাজাৰ ৭০০ হেক্টৰ ভূমিত ৮০০ কল খেতিয়কে বছৰি ৪০ হাজাৰ মেট্ৰিক টন কল উৎপাদন কৰি বিক্ৰীৰ লগতে ৰপ্তানি। কিন্তু এইবেলি বজাৰৰ অভাৱত গছৰ কল গছতে পকি নষ্ট হৈছে ৷ এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰখনত এতিয়া নিমাও মাও পৰিৱেশ ৷

এছিয়াৰ বৃহত্তম কলৰ বজাৰখনক লৈ কৃষি মন্ত্ৰী আশ্বাসৰ ফুলজাৰিঃ বিপদত কলৰ খেতিয়ক

আনহাতে, কলৰ খেতিয়ক সকল যেনেকৈ ক্ষতিৰ সন্মুখীন হৈছে, দৰংগিৰী কল বজাৰ উন্নয়ন সমিতিও সমানেই ক্ষতিগ্ৰস্ত হৈছে ৷ যোৱা ২০ এপ্ৰিলত কৃষি মন্ত্ৰী অতুল বৰাই কলৰ বজাৰ পৰিদৰ্শন কৰিব বজাৰ উন্নয়ন সমিতিৰ সভাপতি আৰু সম্পাদক আৰু কল খেতিয়ক সকল আশ্বাস দিছিল যদিও এক সপ্তাহ উকলি গ'ল,আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট বিভাগে ৷ যাৰ বাবে কৃষক তথা ব্যৱসায়ী সকলে যথেষ্ট ক্ষতিৰ সন্মুখীন হ'ব লগীয়া হৈছে ৷

লগতে চাওকঃ 3 মে'ৰ পাচত ৰাষ্ট্ৰজোৰা লক ডাউন বৃদ্ধিৰ দাবী ৰাজ্যসমূহৰ

ABOUT THE AUTHOR

...view details