অসম

assam

By

Published : Jul 28, 2020, 1:55 PM IST

ETV Bharat / state

বন বিভাগৰ তৎপৰতাত জব্দ বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা

ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি গোৱালপাৰা জিলাত ব্যাপক হাৰত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ জিলাখনৰ ভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে চলি থকা এই অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অৱশেষত সৰৱ হৈ পৰিল বন বিভাগ ৷ বন বিভাগে এক অভিযানৰ জৰিয়তে জব্দ কৰে অবৈধ কাঠৰ কুণ্ডাসহ চাৰিখন কুণ্ডা কঢ়িওৱা বাহন ৷

Large quantity of tree trunks seized by the Forest Department in rangjuli goalpara assam etv bharat news
অবৈধ শাল গছৰ কুণ্ডা জব্দ

বকো,28 জুলাই: একাংশৰ বাবে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত জাৰি কৰা লক ডাউন ৰূপান্তৰিত হৈছে একপ্ৰকাৰ আশীৰ্বাদলৈ ৷ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি গোৱালপাৰা জিলাত ব্যাপক হাৰত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ জিলাখনৰ ভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে চলি থকা এই অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অৱশেষত সৰৱ হৈ পৰিল বন বিভাগ ৷ বন বিভাগে এক অভিযানৰ জৰিয়তে জব্দ কৰে অবৈধ কাঠৰ কুণ্ডাসহ চাৰিখন কুণ্ডা কঢ়িওৱা বাহন ৷

অবৈধ শাল গছৰ কুণ্ডা জব্দ

মঙলবাৰে জিলাখনৰ ৰংজুলিৰ শিমলীতোলা আৰু ধূপধৰাত ৰংজুলি আঞ্চলিক বন বিষয়া বলেন দাসৰ নেতৃত্বত বন বিভাগৰ এটা দলে চলোৱা অভিযানত জব্দ কৰিবলৈ সক্ষম হয় মূল্যবান শাল গছৰ কুণ্ডাসহ কেইবাখনো বাহন ৷ অভিযানকাৰী দলটোৱে জব্দ কৃত কুণ্ডা সমূহৰ বজাৰ মূল্য প্ৰায় দুই লক্ষাধিক টকা হ’ব বুলি জানিবলৈ দিয়ে ৷

লগতে চাওকঃৰাজ্যত বানত নিহতৰ সংখ্যা 103 গৰাকীলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details