গোৱালপাৰা,5 ডিচেম্বৰঃ প্ৰসংগঃ ৰাজ্য চৰকাৰৰ নতুন ভূমি নীতি....। ৰাজ্য চৰকাৰৰ নতুন ভূমি নীতি সন্দৰ্ভত বুধবাৰে বিধান সভাৰ মজিয়াত আলোচনা বিচাৰিছিল বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে । কিন্তু প্ৰশ্নোত্তৰ শিতানত বিষয়টো নথকাৰ বাবেই বিধান সভাৰ অধ্যক্ষই বিধায়ক শ্বেৰমান আলীক অনুমতি দিয়া নাছিল । বিধান সভাৰ অধ্যক্ষৰ এই কাৰ্যত ক্ষুণ্ণ হৈ বিধানসভাৰ মজিয়াত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে বিধায়ক শ্বেৰমান আলী আৰু কংগ্ৰেছৰ অন্যান্য সদস্যসকলে । বিধান সভাৰ মজিয়াত বিধায়ক শ্বেৰমান আলী আৰু কংগ্ৰেছী বিধায়ক সকলে কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবেই অধ্যক্ষই বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীক এদিনৰ বাবে নিলম্বন কৰি মাৰ্শ্বাল লগাই উলিয়াই দিয়ে । বিধান সভাৰ অধ্যক্ষৰ এই কাৰ্যত ক্ষুন্ন বাঘবৰ একাংশ লোক । বিধায়ক শ্বেৰমান আলীক কৰা অপমানৰ বিৰুদ্ধে বৃহস্পতিবাৰে সমষ্টিৰ সুখোৱাৰঝাৰত সাব্যস্ত কৰে প্ৰতিবাদ । হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰ, অধ্যক্ষৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ।
বিধায়ক শ্বেৰমান আলীক সদনত অপদস্থ কৰাৰ অভিযোগত সমষ্টিবাসীৰ প্ৰতিবাদ - Land policy
বুধবাৰে ৰাজ্য চৰকাৰৰ নতুন ভূমিৰ ওপৰত বিধান সভাৰ মজিয়াত আলোচনা বিচাৰি কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদক সদনৰ মজিয়াৰ পৰা উলিয়াই দিয়াক লৈ আজি প্ৰতিবাদ সাব্যস্ত কৰে সমষ্টিবাসীয়ে ।
বিধায়ক শ্বেৰমান আলীক সদনত অপদস্থ কৰাৰ অভিযোগত সমষ্টিবাসীৰ প্ৰতিবাদ