অসম

assam

ETV Bharat / state

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত গোৱালপাৰাত ভূমি পট্টা প্ৰদান - গোৱালপাৰা চহৰৰ ফনী শৰ্মা ভৱনত অনুষ্ঠিত এই সভা

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা প্ৰদান আৰু আৱন্টন পত্ৰ বিতৰণ । ২,৪৬২ হিতাধিকাৰীক প্ৰদান কৰা হয় ভূমি পট্টাৰ পত্ৰ ।

গোৱালপাৰাত ভূমি পট্টা প্ৰদান
গোৱালপাৰাত ভূমি পট্টা প্ৰদান

By

Published : Jan 23, 2021, 5:52 PM IST

গোৱালপাৰা, ২৩ জানুৱাৰী: ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত শনিবাৰে গোৱালপাৰাত ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীলৈ ভূমি পট্টা প্ৰদান আৰু আৰু আৱন্টন পত্ৰ বিতৰণৰ এক অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আৰু দুধনৈ সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভা । উক্ত সভাত জলেশ্বৰ সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধায়ক চাহাবুদ্দিনে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বিজেপি চৰকাৰৰ প্ৰশংসা কৰে ।

গোৱালপাৰাত ভূমি পট্টা প্ৰদান

গোৱালপাৰা চহৰৰ ফনী শৰ্মা ভৱনত অনুষ্ঠিত এই সভাত ২,৪৬২ হিতাধিকাৰীক প্ৰদান কৰা হয় ভূমি পট্টাৰ পত্ৰ । আজিৰ এই অনুষ্ঠানত বালিজানা ৰাজহ চক্ৰ, লক্ষীপুৰ ৰাজহ চক্ৰ, মাটিয়া ৰাজহ চক্ৰ, আৰু ৰংজুলী ৰাজহ চক্ৰৰ পাঁচগৰাকীকৈ হিতাধিকাৰীক ভূমি পট্টা প্ৰদান কৰা হয় । ভূমিহীন খিলঞ্জীয়া পৰিয়ালক চৰকাৰে ভূমিপট্টা আৱণ্টন দিছে ।

লগতে পঢ়ক: ৰূপহীহাটত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী পালন

ABOUT THE AUTHOR

...view details