অসম

assam

ETV Bharat / state

গোৱালপাৰাত ভূমি বিবাদঃ এজনক হত্যা - জেলহকৰ

গোৱালপাৰা জয়পুৰত ভূমি বিবাদক কেন্দ্ৰ কৰি হত্যাকাণ্ড নিজ ভতিজাই হত্যা কৰিলে খুড়াকক।

land-clash-and-murder-at-goalpar
গোৱালপাৰাত ভূমি বিবাদঃ এজনক হত্যা

By

Published : May 16, 2020, 1:21 PM IST

গোৱালপাৰা16মেঃ গোৱালপাৰা জিলাৰ বগুৱান থানাৰ অন্তৰ্গত জয়পুৰত আজি পুৱা এক নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ভুমি বিবাদক কেন্দ্ৰ কৰি জয়পুৰৰ জেলহক আৰু তেওঁৰ ভতিজা ক্ৰমে আজিম উদ্দিন ,বাদশা ,আব্দুল আজিজৰ লগত ৰ্দীঘ দিন ধৰি সংঘাট চলি আছিল । বিবাদ মীমাংসাৰ বাবে আজি পুৱা এক বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকত জেলহকে বিবাদ নিষ্পত্তি নকৰি উঠি অহাৰ পথত ভতিজাক ক্ৰমে আজিম উদ্দিন আৰু তেওঁৰ পুত্ৰ আনিছুৰ ৰহমান,বাদশা আৰু আব্দুল আজিজে চোকা অস্ত্রৰে আঘাত কৰি নৃশংসভাৱে হত্যা কৰে ।

গোৱালপাৰাত ভূমি বিবাদঃ এজনক হত্যা

হত্যাকাণ্ড সংঘটিত হোৱাৰ লগে লগে অঞ্চলটোত আতংকৰ সৃষ্টি হয় স্থানীয় লোক উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষী উপস্থিতহৈ গুৰুতৰ ভাৱে আহত জেহলকক জয়পুৰ ক্ষুদ্ৰ চিকিৎসালয়লৈ প্ৰাৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। পিছত আৰক্ষীয়ে জেলহকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে ৷



লগতে পঢ়কঃ হাজোত উপস্থিত কৃষি মন্ত্ৰী অতুল বৰা

ABOUT THE AUTHOR

...view details